Begin typing your search above and press return to search.

মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত সত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া

মধ্যাহ্ন ভোজনৰ সন্দৰ্ভত সত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Nov 2019 10:06 AM GMT

লক্ষীমপুৰ জিলাত চৰকাৰে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজন ৰান্ধিবলৈ বেচৰকাৰী সংষ্ঠাসমূহক দিয়া সিদ্ধান্তৰ বিৰুদ্ধে কৰা প্ৰতিবাদ সাম্প্ৰতিক সময়লৈকে অব্যাহত আছে। এই সন্দৰ্ভত লক্ষীমপুৰৰ সত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্য চৰকাৰৰ তীব্ৰ সমালোচনা কৰে। লগতে এক সংবাদ বিজ্ঞপ্তি প্ৰকাশ কৰে।

সংবাদ বিজ্ঞপ্তি প্ৰকাশ কৰে যে চৰকাৰে সাধাৰণতে মহিলাসকলৰ অধিকাৰ আৰু সমাজত তেওঁলোকৰ প্ৰতিষ্ঠা সম্পৰ্কে মন্তব্য কৰে ৷ তথা বিভিন্ন পদক্ষেপ হাতত লয় ৷ কিন্তু মহিলা সৱলীকৰণৰ কথা কোৱা সেই চৰকাৰেই বাস্তৱিকতে কি ভাৱে সেয়া সম্প্ৰতি চৰকাৰৰ কৰ্মত ফুটি উঠিছে ৷ যিখন চৰকাৰে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলক পাৰিশ্ৰমিক বৃদ্ধি কৰাৰ কথা কৈ শাসনলৈ আহিছিল ৷সেই খন চৰকাৰেই সেই কৰ্মচাৰী সকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলী দিছে। ৷

অৱশ্য ৰাজ্যৰ সকলো প্ৰাথমিক বিদ্যালয় আৰু উচ্চ প্ৰাথমিক বিদ্যালয় এনজিঅ’ৰ অন্তৰ্গতত নাহে ৷ইফালে সংষ্ঠাটোৱে এনজিঅ’সমূহে দিয়া খাদ্য সমূহ উন্নত মানদণ্ডৰ যে নহয় সেই কথাও প্ৰকাশ কৰে ।উল্লেখ্য যে এনেধৰণৰ পৰিস্থিতিত লক্ষীমপুৰ সত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক উৎপল বৰাই চৰকাৰক মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে এক বিশেষ পদক্ষেপ ল’বলৈ আহ্বান কৰে।

অন্য খবৰৰ বাবে পঢ়ক: লক্ষীমপুৰত দ্বিতীয় দিনাও প্ৰতিবাদ কৰিলে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়ে

ভিডিঅ প্ৰতক্ষ্য কৰক: Dilapidated Road Conditions under Borsola Constituency in Sonitpur

Next Story
চাকৰি