এজনো বিদেশীক ভূমি দখল দখল কৰিবলৈ দিয়া নহ’বঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এজনো বিদেশীক  ভূমি দখল দখল কৰিবলৈ দিয়া নহ’বঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এজনো বিদেশীক ভূমি দখল দখল কৰিবলৈ দিয়া নহ’বঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

‘কা’ বিৰোধী প্ৰতিবাদঃ আইন-শৃংখলা ভংগকাৰীলৈ কঠোৰ সকীয়নী

অসমৰ ভূমি এজনো বিদেশীক দখল কৰিবলৈ নিদিয়ে ৰাজ্য চৰকাৰে। নাগৰিকত্ব(সংশোধনী)আইন(কা)-ৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।দেওবাৰে ডিব্ৰুগড়ৰ খনিকৰত অনুষ্ঠিত বিজেপিৰ ‘সংকল্প সমাৰোহ’ত ভাষণ দি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে অসমৰ কিঞ্চিতো ভূমি বিদেশীক বেদখল কৰিবলৈ ৰাজ্য চৰকাৰে নিদিয়ে।বহু বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)বিৰোধী প্ৰতিবাদৰ নামত কেতবোৰ শক্তিয়ে আইন-শৃংখলা পৰিস্থিতিৰ সৃষ্টিৰ ষড়যন্ত্ৰ ৰচা বুলি উল্লেখ কৰি সোণোৱালে এনে শক্তিলৈ সকীয়নী জাৰি কৰে। এনে ষড়যন্ত্ৰকাৰীক সতৰ্ক কৰি দি তেওঁ কয়, ‘ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ ৰক্ষা কৰাত আমাৰ চৰকাৰ অংগীকাৰবদ্ধ। যেতিয়ালৈকে আমাৰ চৰকাৰ শাসনত থাকে, তেতিয়ালৈকে এজনো বিদেশীক ৰাজ্যৰ এচিকটা ভূমি দখল কৰিবলৈআৰু আমাৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিবলৈ দিয়া নহ’ব’।ভুল তথ্য আৰু উদ্দেশ্যপ্ৰণোদিত প্ৰচাৰৰ দ্বাৰা জনতাক বিপথে পৰিচালিত নকৰিবলৈ ৰাজনৈতিক দলসমূহক ভাষণত সকীয়াই দিয়ে মুখ্যমন্ত্ৰীয়ে।ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বিভিন্ন পুৰোধা ব্যক্তিৰ অৱদানৰ বিষয়ে উনুকীয়াই মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত শান্তি-সম্প্ৰীতিবৰ্তাই ৰখাৰ বাবে সকলো লোককে অনুকূল পৰিৱেশ সৃষ্টিৰ উদ্দেশ্য শপতগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

বৰাক-ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ সকলো সম্প্ৰদায় আৰু জনজাতিৰ সকলো শ্ৰেণীৰ লোকৰ মাজত বিশ্বাস আৰু আস্থাৰ প্ৰতি ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ অংগীকাৰবদ্ধ বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যত শান্তি আৰু সুস্থ শৈক্ষিক পৰিৱেশ বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰি সোণোৱালে সুস্থ শৈক্ষিক পৰিৱেশ অব্যাহত ৰখাৰ বাবে সকলো শ্ৰেণীৰ লোককে চৰকাৰক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। এনেদৰে উঠি অহা প্ৰজন্মক শৈক্ষিক ক্ষেত্ৰত উত্কৰ্ষ সাধনত সহায় কৰিব পৰা হ’ব বুলি তেওঁ মন্তব্য কৰে। আনহাতে, সমাৰোহত ভাষণ দি শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে একাংশ শক্তিয়ে ৰাজ্যৰ উন্নয়ন, প্ৰগতি তথা শান্তিৰ বাতাবৰণ নষ্ট কৰাৰ একমাত্ৰ উদ্দেশ্যৰে অৰাজকতা সৃষ্টিৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।

ৰাজ্যৰ শান্তি, উন্নয়ন আৰু প্ৰগতিৰ স্বাৰ্থত এনে ষড়যন্ত্ৰ প্ৰতিহত কৰিবলৈ ৰাইজক মন্ত্ৰীজনে আহ্বান জনায়।সমাৰোহৰ আন বক্তাসকলেও নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহাসকলে উত্থাপন কৰা অভিযোগসমূহ খণ্ডন কৰে। তেওঁলোকে দাবী কৰে যে ৰাজ্যখন আৰু ইয়াৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ উন্নয়নৰ ক্ষেত্ৰত সোণোৱাল চৰকাৰ সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ। সমাৰোহত ৰাজ্যৰ মিত্ৰজোঁট চৰকাৰৰ আনসকল মন্ত্ৰী আৰু শাসকীয় পক্ষৰ বহুসংখ্যক বিধায়কেও অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com