Begin typing your search above and press return to search.

কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত উপস্থিত ৰাজ্যপাল জগদীশ মুখী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 July 2019 9:35 AM GMT

ৰাজ্যত প্ৰলংয়কাৰী বানৰ পিছত বানৰ খবৰ ল’বলৈ কাজিৰঙাত উপস্থিত হয় অসমৰ ৰাজ্যপাল জগদীশ মুখী। ৰাজ্যপাল মুখী বোকাখাতত উপস্থিত হোৱাৰ পিছতেই বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্য আৰু জিলাৰ উচ্চস্তৰীয় কমিটীসকলে আদৰণি জনায় ৷বনমন্ত্ৰীৰ লগত ৰাজ্যপাল মুখীয়ে অভয়াৰণ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লয় ৷ অভয়াৰণ্যখনৰ বিষয়াসকলে ৰাজ্যপালক অভয়াৰণ্যখনৰ স্থিতি আৰু জীৱ জন্তুসমূহৰ ক্ষয় ক্ষতিৰ বুজ লয়।

ইফালে ৰাজ্যপালে অভয়াৰণ্যখনৰ প্ৰাণীসমূহৰ সুৰক্ষাৰ কাৰণে ওখ স্থান নিৰ্মাণ কৰিবলৈ কয় ৷ কাৰণ বানপানীৰ সময়ত যাতে জীৱ জন্তুসমূহে প্ৰাণ হেৰুৱাব লগা নহয়। তেওঁলোকে যাতে ওখ ঠাইত আশ্ৰয় লৈ জীৱন সুৰক্ষিত কৰিব পাৰে। ৰাজ্যপালে লগতে ডিফলুৰ এটা শিবিৰত বানত আক্ৰান্ত লোকসকলৰ ওচৰত উপস্থিত হয় ৷ আৰু আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতে মতবিনিময় কৰে। আশ্ৰয় শিবিৰত থকা লোকসকলক জিলা প্ৰশাসনক সহায় কৰিবলৈও আহ্বান কৰে।

বোকাখাতৰ এটা আশ্ৰয় শিবিৰত উপস্থিত হৈ বিভাগীয় বিষয়াসকলক বানাক্ৰান্ত লোকসকলক সহায় কৰিবৰ কাৰণে আহ্বান কৰে ৷ লগতে আশ্ৰয় শিবিৰৰ লোকসকলক প্ৰয়োজনীয় চিকিৎসা কৰিবলৈ কৰ্তৃপক্ষক আহ্বান কৰে। যাতে পানী শুকোৱাৰ পিছত কোনো মহামাৰী নহঁওক৷ চলিত বৰ্ষৰ বানে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ ১২টা গড়ৰ লগতে ১৪১ টা জীৱ জন্তৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিছিল ।ইয়াৰ উপৰিও ৬৪ জীৱ জন্তুক বানৰ পৰা ৰক্ষা কৰা হৈছে।

ইয়াৰ ভিতৰত ৫২ টা জীৱ জন্তুক মুকলি কৰি দিয়া হৈছে ৷পাঁচটাৰ মৃত্যু হৈছে ৷ আৰু আঠটা চিকিৎসাধীন হৈ আছে ৷কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ এক বিশেষ সূত্ৰৰ মন্তব্য অনুসৰি ১২ টা গড়ৰ দুটা পানীত ডুবি গ’ল ৷এটা পাহাৰৰ পৰা পৰি মৃত্য হয় ।ইফালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হওতে প্ৰায় ১৬ টা জীৱ জন্তুৰ মৃত্যু হয় ৷ইয়াৰে ১৬ টা হৰিণ। দুটা গড়ক ওচৰৰ গাঁৱৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু সম্প্ৰতি চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷সম্প্ৰতি পানী শুকাইছে যদিও কাজিৰঙাৰ কিছু কিছু অঞ্চল এতিয়াও পানীৰ তলত আছে।

কাজিৰঙাত বানে চলোৱা সংহাৰত আক্ৰান্ত হোৱা বন্য জীৱ জন্তুসমূহক চিকাৰীৰৰ পৰা ৰক্ষা কৰোৱাতো এক বৃহৎ প্ৰত্যাহ্বান ৰূপে পৰিগণিত হৈছে ৷ ইফালে পবিতৰা অভয়াৰণ্যক সংলগ্ন কৰা পথটো সম্প্ৰতি জলমগ্ন হৈ পৰিছে ৷ অৱশ্যে অভয়াৰণ্যখনত এতিয়াও কোনো জীৱ জন্তুৰ প্ৰাণ হানি হোৱাৰ তথ্য লাভ কৰা নাই যদিও জলস্তৰ এতিয়াও বৃদ্ধি হৈয়ে আছে ৷

অধিক খবৰৰ বাবে পঢ়ক: কাজিৰঙাৰ বাগৰী বন বিভাগৰ জিম্মাৰ পৰা পলায়ন চোৰাং চিকাৰী

Next Story
চাকৰি