Begin typing your search above and press return to search.

ভাৰত চৰকাৰে অসমত ২ মিলিয়ন লোকৰ বাবে নিৰ্মান কৰি আছে ডিটেনচন কেম্প

ভাৰত চৰকাৰে অসমত ২ মিলিয়ন লোকৰ বাবে নিৰ্মান কৰি আছে ডিটেনচন কেম্প

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Dec 2019 12:06 PM GMT

ভাৰত চৰকাৰে অসমত ২ মিলিয়ন লোকৰ বাবে নিৰ্মান কৰিছে ডিটেনচন কেম্প। বৰ্তমান সময়ত অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি আছে । ইয়াৰ মাজতে এক বাতৰি আহিছে যে ভাৰত প্ৰায় ২ মিলিয়ন লোকৰ বাবে নিৰ্মান কৰি আছে ডিটেনচন কেম্প।

সংবাদ মাধ্যমৰ তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমত কমেও ১.৯ মিলিয়ন জন লোক চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা বাহিৰ হৈছে । এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকা আগষ্ট মাহত প্ৰকাশ পাইছিল।

তাৰ মাজতেই ৰাষ্ট্ৰসংঘ আৰু আন আন্তৰাষ্ট্ৰীয় সংস্থা সমূহে উদ্বেগ প্ৰকাশ কৰিছে যে বহু লোকে বহুতকে ৰাষ্ট্ৰহীন কৰা যাব ।

অসমত অবৈধ অনুপ্ৰবেশকাৰীক চিনাক্ত কৰাৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অভিযান কৰা হৈছিল ।‌

ভাৰত চৰকাৰে দাবী কৰে যে অনুপ্ৰবেশকাৰী সকল প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ মুছলিম সংখ্যাগৰিষ্ঠ লোক । লক্ষনীয় যে আবেদনকাৰী সকলে ৰেজিষ্টাৰ কৰাৰ পূৰ্বে তেওঁলোকৰ জন্মপ্ৰমানৰ লগতে কিমান দশকৰ পৰা আছে আদি সকলো তথ্য দাখিল কৰিব লাগিব।

তাৰোপৰি চৰকাৰৰ সূত্ৰ ই জানিব দিয়া অনুসৰি যি সকল লোকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা বাহিৰ হৈছে তেওঁলোকক ১২০ দিনৰ ভিতৰত স্থানীয় বিদেশী ন্যায়াধীকৰত আবেদন দাখিল কৰাৰ সময় সীমা দিয়া হৈছিল। যদি এই ক্ষেত্ৰত কোনোবা বিফল হয় তেন্তে তেওঁ অসমৰ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰে ।

লগতে তেওঁলোকে কয় যে যি সকল লোক অন্তিম পৰ্যায়তো বিফল হয় তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহন কৰা হ'ব সেই সিদ্ধান্ত ইতিমধ্যে লোৱা হোৱা নাই।

গোৱালপাৰা ডিটেনচন কেম্প:

স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি গোৱালপাৰা শিবিৰো ডিটেনচন কেম্পৰ ভিতৰত এটা । গোৱালপাৰা ডিটেনচন কেম্পৰ আকাৰ এখন ফুটবল খেলপথাৰৰ সমান হ'ব । ইয়াত কমেও ৩,০০০ লোকক ৰাখিব পৰা যাব ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা কোনো ভাৰতীয়ৰ ক্ষতি নহয় : নৰেন্দ্ৰ মোদী

ভিডিঅ প্ৰতক্ষ্য কৰক : Anti Citizenship (Amendment) Bill protest rocks Sivasagar

Next Story
চাকৰি