Begin typing your search above and press return to search.

তলাবন্ধৰ সময়ত কৃষক-দৰিদ্ৰৰ দুঃখ কষ্ট লাঘবৰ ব্যৱস্থা কৰা হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

তলাবন্ধৰ সময়ত কৃষক-দৰিদ্ৰৰ দুঃখ কষ্ট লাঘবৰ ব্যৱস্থা কৰা হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 April 2020 7:00 AM GMT

তলাবন্ধৰ সময়ত কৃষক-দৰিদ্ৰৰ দুঃখ কষ্ট লাঘবৰ ব্যৱস্থা কৰা হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

দেশৰ ক’ৱিড-১৯বিৰোধী মহাযুদ্ধৰ মূল অস্ত্ৰৰূপে ঘোষণা কৰা তলাবন্ধৰ সময়চোৱাত দৰিদ্ৰ আৰু কৃষক জনতাৰ দুঃখ-কষ্ট লাঘৱৰ বাবে প্ৰয়োজনীয় কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মঙলবাৰে পুৱা দেশবাসীক উদ্দেশি দিয়া ভাষণত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ পৰা ১৯ দিনৰ বাবে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰি ভাষণত মোদীয়ে লগতে কয় যে তলাবন্ধৰ নীতি-নিয়মাৱলীত এনে ব্যৱস্থা কৰা হৈছে যে ঘৰৰ ভিতৰতে আৱদ্ধ থাকিবলগীয়া হোৱা এই সময়ছোৱাত যাতে দৰিদ্ৰ জনতা আৰু কৃষক ৰাইজৰ দুঃখ-কষ্ট লাঘৱ কৰিব পৰা যায়।“ ভাৰতে ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ বাবে আৰম্ভণীৰে্ পৰা এক সুষম আৰু সংহত কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ইয়াৰ সুবাদত এই মহামাৰীবিৰোধী ষুঁজত আমি আন বহু দেশৰ তুলনাত সফল হৈছো। আমাৰ দেশত এজনো ক’ৰ’না মহামাৰী আক্ৰান্ত নোলোৱাৰ সময়তো আমি এই মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটা দেশৰ পৰা অহা লোকক বিমানকোঠত পৰীক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। সেই সময়ছোৱাতে আমি এই মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটা বিশ্বৰ ১৯খন দেশৰ পৰা অহা যাত্ৰীৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছিলোঁ। সামাজিক দূৰত্ব বজাই ৰখা আৰু তলাবন্ধৰ বাবে আমি লাভাম্বিত হৈছো। আমি বহু লোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ”।প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পূৰ্বে চৰকাৰৰ মূলমন্ত্ৰ জান হেতো জাহান আছিল। কিন্তু এতিয়া এই মূলমন্ত্ৰ জীন ভী জাহানলৈ ৰূপান্তৰিত হৈছে। তলাবন্ধৰ ফলত হোৱা কৃষক আৰু দৰিদ্ৰ ৰাইজৰ ক্ষতি হ্ৰাসৰ বাবে চৰকাৰে সকলো কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৱিড-১৯বিৰোধী যুঁজত দেশবাসীৰ মাজত ‘আমি ভাৰতৰ জনতা’ৰ ছবি ফুটি উঠিছেঃ মোদী

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি