নিযুক্তিপ্ৰাপ্ত জিলাত কাম নকৰা শিক্ষকৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থাঃ মন্ত্ৰী ডঃ শৰ্মা

নিযুক্তিপ্ৰাপ্ত জিলাত কাম নকৰা শিক্ষকৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থাঃ মন্ত্ৰী ডঃ শৰ্মা

নিযুক্তিপ্ৰাপ্ত জিলাত কাম নকৰা শিক্ষকৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থাঃ মন্ত্ৰী ডঃ শৰ্মা

নিযুক্তিপ্ৰাপ্ত জিলাত ন্যূনতম ১০বছৰ সেৱা আগনবঢ়ালে কঠোৰ পৰিশ্ৰমৰ শাস্তি হ’ব শিক্ষকৰ। ৰাজ্যৰ শিক্ষা বিভাগে এনে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অগ্ৰসৰ হৈছে। এই পদক্ষেপক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্য অসমত শীঘ্ৰে গঠন হ’ব শিক্ষক দায়বদ্ধতা আয়োগ (টি এ চি)। অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ সময়ত এই তথ্য প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰ দি শিক্ষামন্ত্ৰী ডঃ শৰ্মাই কয় যে নিযুক্তিপ্ৰাপ্ত জিলাত যিসকল শিক্ষকে ১০ বছৰ কৰ্তব্য সম্পাদন নকৰে, তেনে শিক্ষকসকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। এই উদ্দেশ্য নতুন আইন প্ৰণয়ন কৰি শীঘ্ৰে শিক্ষক দায়বদ্ধতা আয়োগ গঠন কৰা হ’ব বুলি মন্ত্ৰীজনে সদৰী কৰে। তেওঁ কয় যে নিযুক্তি লাভ কৰা এখন জিলাত সকলো শিক্ষকে ন্যূনতম ১০ বছৰ সেৱা আগবঢ়োৱাটো নতুন আইনৰ জড়িয়তে বাধ্যতামূলক কৰা হ’ব।

এই নিয়ম উলংঘা কৰা শিক্ষকে তিনি বছৰ কঠোৰ পৰিশ্ৰমৰ শাস্তি (Labour Imprisonment) ভোগ কৰিব লাগিব বুলি মন্ত্ৰী ডঃ শৰ্মাই সদৰী কৰে।উল্লেখ্য যে ৰাজ্যৰ বৃহত্সংখ্যক শিক্ষক দৰমহাকে ধৰি বিভিন্ন জটিল সমস্যাত ভাৰাক্ৰান্ত হৈ থকাৰ অভিযোগ প্ৰায়ে উত্থাপিত হয়। ইয়াৰ এক উদাহৰণ পোৱা গ’ল চলিত বৰ্ষৰ ২৪ জানুৱাৰীত । উক্ত দিনা সহস্ৰাধিক বেতন বঞ্চিত শিক্ষকে ইচ্ছামৃত্যুৰ অনুমতি বিচাৰি ৰাষ্ট্ৰপতিলৈ আবেদনপত্ৰ প্ৰেৰণ কৰে। এই সমস্যাজৰ্জৰ শিক্ষকসকলে অভিযোগ কৰা অনুসৰি ৰাজ্য চৰকাৰৰ হেমাহি আৰু অৱহেলাৰ বাবে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাই। এনেদৰে এইসকল শিক্ষকে ১৯৯১ৰ পৰাই দৰমহাকে ধৰি বিভিন্ন সমস্যা ভোগ কৰি আহিছে।

এনে সমস্যাত ভাৰাক্ৰান্ত হৈ তেওঁলোকে ইচ্ছামৃত্যুৰ অনুমতি বিচাৰি যোৱা ২৪ জানুৱাৰীত লখিমপুৰৰ উপায়ুক্তৰ জড়িয়তে ৰাষ্ট্ৰপতি ৰাম নাথ ক’ৱিন্দলৈ আবেদনপত্ৰ প্ৰেৰণ কৰে। স্বাভাৱিকতে এই ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। বিষযটোক লৈ নিবনুৱা সন্থায়ো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আনহাতে, ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকসকলে শিক্ষক সংস্থাই চাকৰি নিয়মীয়াকৰণকে ধৰি প্ৰাপ্য অধিকাৰ লাভৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। এনেবোৰ দাবীক লৈ ইতিমধ্যে উক্ত সংস্থাই শিক্ষামন্ত্ৰীকে ধৰি শিক্ষাবিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে কে’বালানি আলোচনাত মিলিত হৈছে। কিন্তু আজিলৈকে চৰকাৰ তথা শিক্ষা বিভাগে এই শিক্ষকসকলৰ সমস্যা সমাধানৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ফলত এই শিক্ষকসকলে আৰ্থিক সমস্যাকে ধৰি বিভিন্ন সমস্যাৰে যুঁজ দি দি একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Swearing-in Ceremony of Pallav Bhattacharyya as new Chairman of APSC held today

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com