Begin typing your search above and press return to search.

অধিক  উপভোগ্য হ'ব বিমান যাত্ৰা, বিমানযাত্ৰাৰ সময়তো পাব ৱাই-ফাই! 

অধিক  উপভোগ্য হব বিমান যাত্ৰা, বিমানযাত্ৰাৰ সময়তো পাব ৱাই-ফাই! 

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 March 2020 12:04 PM GMT

অধিক উপভোগ্য হ'ব বিমান যাত্ৰা, বিমানযাত্ৰাৰ সময়তো পাব ৱাই-ফাই!

বিমানযাত্ৰীসকলৰ বাবে সুখবৰ! এতিয়াৰে পৰা বিমানৰ ভিতৰত বা বিমানেৰে যাত্ৰা কৰি থকাৰ সময়তো যাত্ৰীয়ে ৱাই-ফাই ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ অনুমতি প্ৰদান কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে। বিমানযাত্ৰীসকলৰ বাবে যাত্ৰা অধিক আৰামদায়ক তথা উপভোগ্য কৰি তোলাৰ উদ্দেশ্য অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই সম্পৰ্কত অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে জাৰি কৰা এক অধিসূচনাত কোৱা হয়, “এখন বিমানৰ দায়িত্বত থকা বৈমানিকে বিমানত থকা ৱাই-ফাই প্ৰদানৰ সুবিধাৰ পৰা যাত্ৰীক ৱাই-ফাই ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিব পাৰিব। সেই বৈমানিকৰ অনুমতি সাপেক্ষে ইচ্ছ্যুক যাত্ৰীয়ে মোবাইল ফোন, লেপটপ, টেবলেট, স্মাৰ্টৱাটছ, ই-ৰীডাৰ আদিত ৱাই-ফাই সংযোগ কৰি ইণ্টাপনেট ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে বিমানে যাত্ৰা আৰম্ভ কৰাৰ লগে লগে মোবাইল ফোনৰ দৰে সঁজুলি ফ্লাইট মোডত ৰাখিব লাগিব। অৱশ্যে বিমান কৰ্তৃপক্ষই যাত্ৰীক ৱাই-ফাই সুবিধা প্ৰদানৰ বাবে আগতীয়াকৈ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ অনুমতি ল’ব লাগিব”। উল্লেখ্য যে টাটা গ্ৰুপৰ নেলকোৱে পেনাছ’নিক এৱিউনিকছৰ সৈতে অংশীদাৰিত্বৰে উৰন্ত বিমানৰ ভিতৰত ৱাই-ফাই সেৱা মুকলি কৰিছে।

যাত্ৰীবাহী বিমান সেৱা সংস্থা বিস্তাৰা এয়াৰলাইন্সে প্ৰথমে উৰন্ত বিমানৰ ভিতৰত যাত্ৰীৰ বাবে ৱাই—ফাই সেৱা মুকলি কৰিব। এই কখা ঘোষণা কৰিছে সংস্থাটোৱে। উল্লেখ্য যে বিস্তাৰা এয়াৰলাইন্সে যোৱা বছৰ উৰন্ত বিমানৰ ভিতৰত মহিলাক ছেনিটেৰী পেড যোগানৰ সেৱা মুকলি কৰে। ইয়াৰ দ্বাৰা সংস্থাটো এনে সেৱা প্ৰদান কৰা দেশৰ প্ৰথমটো বিমান সংস্থাত পৰিণত হয়। এই ছেনিটেৰী পেড সেৱাৰ জড়িয়তে সংস্থাটোৰ বিমানত যাত্ৰা কৰা বহু মহিলা যাত্ৰী উপকৃত হৈছে। ইয়ে আন বিমান সংস্থাসমূহকো এনেধৰণৰ সেৱা আগবঢ়াবলৈ উত্সাহিত কৰিছে। ইয়াৰ পূৰ্বে ২০১৮ত বিস্তাৰা এয়াৰলাইন্সে উৰন্ত বিমানৰ ভিতৰত ব্যৱহাৰ কৰা বিস্তাৰা ৱৰ্লড শীৰ্ষক এক ৱায়াৰলেছ সেৱা মুকলি কৰে।

এই সেৱা সংস্থাটোৰ ২২খন বিমানত উপলব্ধ হৈছে।এই ৱায়াৰলেছ সেৱাৰ জড়িয়তে যাত্ৰীক মনোৰঞ্জনৰ যোগান ধৰা হয়। এই সেৱা স্মাৰ্টফোন, লেপটপ, টেবলেট আদিত গ্ৰহণ কৰিব পাৰি। মূলতঃ যাত্ৰীসকলৰ যাত্ৰা আৰামদায়ক তথা উপভোগ্য কৰি তোলাৰ উদ্দেশ্য এনেধৰণৰ সেৱা মুকলি কৰা হৈছে বুলি সংস্থাটোৱে বিবৃতিত উল্লেখ কৰিছে। সম্প্ৰতি সংস্থাটোৱে চলন্ত বিমানৰ ভিতৰত যাত্ৰীৰ বাবে ৱাই-ফাই সেৱা উপলব্ধ কৰোৱাৰ উদ্দেশ্য প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা যাত্ৰীৰ মন অধিক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি সংস্থাটোৱে আশা প্ৰকাশ কৰিছে্।

অন্য খবৰৰ বাবে পঢ়ক: দলীয় নেতাৰ কাম-কাজক লৈ প্ৰতিবেদনঃ ৱেবছাইটত মুকলি বিজেপিৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: CM Sonowal and State Minister Himanta Biswa Sarma perform ‘Bhumi Pujan’

Next Story
চাকৰি