Begin typing your search above and press return to search.

২০১৯ বৰ্ষত গুৱাহাটী যানবাহন আৰক্ষীয়ে সংগ্ৰহ কৰিলে ৪.৬০ কোটিতকৈ অধিক টকাৰ জৰিমনা

২০১৯ বৰ্ষত গুৱাহাটী যানবাহন আৰক্ষীয়ে সংগ্ৰহ কৰিলে ৪.৬০ কোটিতকৈ অধিক টকাৰ জৰিমনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Feb 2020 9:08 AM GMT

২০১৯ বৰ্ষত গুৱাহাটী যানবাহন আৰক্ষীয়ে সংগ্ৰহ কৰিলে ৪.৬০ কোটিতকৈ অধিক টকাৰ জৰিমনা । ২০১৯ বৰ্ষত গুৱাহাটী যানবাহন আৰক্ষী ( জি টি পি ) য়ে যান বাহন আইন উলংঘন কৰাৰ ফলত ৪.৬০ কোটিতকৈ অধিক টকাৰ জৰিমনা সংগ্ৰহ কৰে । তদুপৰি আদালতত নন এফ আই আৰ গোচৰৰ জৰিমনাও সংগ্ৰহ কৰা হৈছে । উল্লেখযোগ্য যে যানবাহন আইন উলংঘনৰ‌ বাবে জৰিমনাৰ হাৰ অসমত বৃদ্ধি হৈ আছে ।

২০১৯ বৰ্ষত ২৪৯ জন লোক মৃত্যুৰ লগত জড়িত ২৪০ টা মাৰাত্মক ঘটনা সংঘটিত হৈছে।এই বৰ্ষতে আন ৬৯১ টা ঘটনা সংঘটিত হয় য'ত প্ৰায় ৮৩৬ জন লোক আঘাতপ্ৰাপ্ত হয়।

মহানগৰীত হৈ থকা দুৰ্ঘটনাৰ হাৰ ৰোধ কৰিবৰ বাবে গুৱাহাটী যানবাহন আৰক্ষীয়ে ২০২০ বৰ্ষত আন বহুতো নতুন নিয়ম তৈয়াৰ কৰিছে । এয়া মহানগৰীত চলা চিটি বাছ সমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব কিয়নো চিটি বাছ সমূহে বেছিকৈ যানবাহন আইনৰ নিয়ম উলংঘন কৰে।

জি এছ ৰোডত এ বি চি ট্ৰেফিক পইন্টত লোৱা পদক্ষেপৰ পৰা অনুমান হয় যে কিছু সংখ্যক যান জটৰ সমস্যা আগতকৈ কম হ'ব ।‌জি এছ ৰোডৰ এক বি চিৰ ট্ৰেফিক পইন্টত গাড়ী সমূহৰ বাবে ৰাস্তাৰ দুয়োটা ফালে ইউ টাৰ্ণ লোৱাৰ ব্যৱস্থা আছে । তাত বহু সময়ত বাহন সমূহ ইউ টাৰ্ণ লবৰ বাবে ৰখিব লগীয়া হয়। সেয়ে জি টি পি য়ে কিছুমান ৰঙা ৰঙৰ শংকুৰ ব্যৱস্থা কৰিছে য'ত গাড়ী সমূহে ইউ টাৰ্ণ ল'ব লাগে। ইয়াৰ ফলত চিধাকৈ যাব লগীয়া বহন বোৰ বাওঁ ফালেৰে যাবৰ বাবে বাধ্য হয় ।

কিছু শীৰ্ষ যানবাহন আৰক্ষী অধিকাৰীয়ে কৈছে এয়া কেৱল আৰাম্ভণীহে, যান জটৰ সমস্যা ৰোধ কৰিবৰ বাবে আৰু অধিক নতুন নতুন পদক্ষেপ গ্ৰহণ কৰা হ'ব । এজন যানবাহন আৰক্ষী অধিকাৰীয়ে কয় যে যান জটৰ সমস্যা ৰোধৰ বাবে তেওঁলোকে জনসাধাৰণৰ বহুমূলীয়া পৰামৰ্শ ও গ্ৰহন কৰিছে ।

তদুপৰি আজি পুৱাৰে পৰা মহানগৰৰ বিভিন্ন স্থানত যান বাহন আৰক্ষী, বাছ চালক সন্থা লগতে ১২ টা গোটে চলালে অভিযান । উল্লেখযোগ্য যে ৮০ খনতকৈ অধিক বাছে ভৰিব লগা হ’ল জৰিমনা ৷

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাৰী সমাজৰ সমদল কাৰ্যসূচী ৰূপায়ন

ভিডিঅ প্ৰতক্ষ্য কৰক : As many as 80 city buses penalized for violating traffic law in Guwahati

Next Story
চাকৰি