Begin typing your search above and press return to search.

অস্কাৰত গলী বয়ৰ অফিচিয়েল এন্ট্ৰী: সফল হ’বলৈ প্ৰাৰ্থনা আলিয়া ভাটৰ

অস্কাৰত গলী বয়ৰ অফিচিয়েল এন্ট্ৰী: সফল হ’বলৈ প্ৰাৰ্থনা আলিয়া ভাটৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Sep 2019 11:53 AM GMT

ৰনৱীৰ সিং আৰু আলিয়া ভাট্টৰ জনপ্ৰিয় ছবি গলী বয় মনোনীত হৈছে অস্কাৰলৈ ৷পৰিচালক জ’য়া আখতাৰৰ এই ছবিখন সৰ্বশ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবি হিছাপে ৯২ সংখ্যক একাডেমী পুৰস্কাৰৰ কাৰণে নিৰ্বাচিত হৈছে। এই ঘোষণা কৰে ভাৰতীয় ছবি সংস্থাই। ইফালে ছবি নিৰ্মাতা তথা অভিনেতা ফাৰহান আখতাৰে টুইটাৰ যোগে গলী বয় ছবিখন অস্কাৰলৈ যোৱাৰ কথা প্ৰকাশ কৰে।

https://www.instagram.com/p/B2rFc40h_PQ/

লগতে ছবিখনৰ জৰিত জ’য়া আখতাৰ,ৰীমা কাগতি,ৰনৱীৰ সিং,আলিয়া ভাট্ট আৰু সিদ্ধাৰ্থ চতুৰ্বেদী সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে অস্কাৰলৈ মনোনীত হোৱাৰ পিছত ৰনৱীৰ সিঙে সকলোৰে কাৰণে এই খবৰটো অত্যন্ত উৎসাহ জনৰ বুলি মন্তব্য কৰে ৷ সিঙে লগতে কয় যে এই সময়তো আমাৰ গলী বয়ৰ ছবিখনৰ লগত জৰিত প্ৰত্যেক জন সদস্যৰ কাৰণে সৌভাগ্য পূৰ্ণ সময়। বিশেষকৈ ছবিখনৰ পৰিছালিকা জয়া আখতাৰৰ কাৰণে এই সময়তো গুৰুত্ব পূৰ্ণ। কাৰণ গলী বয় জ’য়াৰ কাৰণে কেচুঁৱাৰ দৰে ।

https://www.instagram.com/p/B2rawOFhkAq/

উল্লেখ্য যে ৰনৱীৰ সিঙে এইবাৰ আইফা এৱাৰ্ডত শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছে। আনহাতে গলী বয় ৰনৱীৰ সিঙৰ বিপৰীতে অভিনয় কৰা আলিয়া ভাটেও অস্কাৰৰ কাৰণে গলী বয় নিৰ্বাচিত হোৱাৰ কাৰণে সুখ প্ৰকাশ কৰিছে ৷লগতে অভিনেত্ৰীগৰাকীয়ে গলী বয় খনে অস্কাৰ পুৰস্কাৰ পাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰা বুলি ঘোষণা কৰে ৷ ছবিখনত জৰিত থকা প্ৰত্যেকজন লোকৰ কাৰণে এইয়া এক সৌভাগ্যৰ কথা বুলি উল্লেখ কৰে আলিয়াই।

গলী বয়ৰ পৰিচালক জয়া আখতাৰেও ছবি খনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই বৰ্ষটো বহু গুৰুত্বপূৰ্ণ। অস্কাৰলৈ মনোনীত হোৱা গলী বয় এই বৰ্ষটোত বহু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে ।তাৰ ভিতৰত দক্ষিণ কোৰিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ফেন্টাষ্টিক ছবি মহোৎসৱত বেষ্ট এছিয়ান ফিল্ম,মেলবৰ্ণত অনুষ্ঠিত ইণ্ডিয়ান ফেষ্টিভেলত সৰ্বশ্ৰেষ্ঠ ছবি আদিৰ পুৰস্কাৰ অন্যতম ।

গলী বয় ছবি খনত আলিয়া ভাট্টে ৰনৱীৰ সিঙৰ গাৰ্লফেণ্ড সফীনাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ছবিখনৰ ট্ৰেইলৰে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ডাৰেক্টৰ জোয়া আখতাৰৰ ২.৪০ ছেকেণ্ডৰ ট্ৰেইলৰটোত আলিয়া আৰু ৰনৱীৰৰ যুটিয়ে আকৰ্ষণ কৰিছিল সকলোকে ৷ছবিখনত আলিয়া ভট্টৰ কমেডী সংলাপ সমূহ মনকৰিবলগীয়া ৷ইফালে ৰনৱীৰ সিঙক এজন ৰেপাৰৰ ৰূপত উপস্থাপন কৰিছে ছবিখনত ।

অন্য খবৰৰ বাবে পঢ়ক: বলীউডৰ বহু প্ৰতীক্ষিত আইফা এৱাৰ্ড ২০১৯: কোনে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ ?

ভিডিঅ প্ৰতক্ষ্য কৰক:Onion Prices in Guwahati to rise upto Rs 75, claims Report | The Sentinel News | Assam News

Next Story