Begin typing your search above and press return to search.

বলীউডৰ বহু প্ৰতীক্ষিত আইফা এৱাৰ্ড ২০১৯: কোনে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ ?

বলীউডৰ বহু প্ৰতীক্ষিত আইফা এৱাৰ্ড ২০১৯: কোনে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Sep 2019 12:32 PM GMT

বলীউডৰ বহু প্ৰতীক্ষিত ইন্টাৰনেশ্যনেল ইণ্ডিয়ান ফিল্ম একাডেমী এৱাৰ্ড অৰ্থাৎ আইফাই ঘোষণা কৰিলে এই বছৰৰ পুৰস্কাৰসমূহ। বলীউডৰ বহু চেলীব্ৰেটীৰ সমাহাৰৰ এইবছৰৰ আইফা হৈ উঠিল যথেষ্ট উল্লেখ্যনীয় ৷এই বছৰ আইফাত ৰাজীয়ে লাভ কৰে সৰ্বশ্ৰেষ্ঠ ছবিৰ সন্মান। লগতে এই ছবিখনত আলিয়াই কৰা অনবৈদ্য অভিনয়ৰ কাৰণে আলিয়া ভাট্টে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷

https://twitter.com/RanveerOfficial/status/1174647345176170497

ইফালে পদ্মাৱতত কৰা অন্যবৈদ্য অভিনয়ৰ কাৰণে ৰনৱীৰ সিঙে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ ৷ আইফাত নৱাগত শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰে ইশান খট্টৰে ৷ধড়ক ছবিৰ কাৰণে ইশান খট্টৰে লাভ কৰে এই পুৰস্কাৰে ৷আনহাতে শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰে সাৰা আলী খানে। সাৰাই কেদাৰ নাথ ছবিখনৰ কাৰণে এই বটাঁ লাভ কৰে। সৰ্বশ্ৰেষ্ঠ পৰিচালকৰ কাৰণে অন্ধাধুনৰ শ্ৰীৰাম ৰাঘবনে আইফা পুৰস্কাৰ লাভ কৰে ৷ আনহাতে এইবাৰ আইফা এৱাৰ্ডৰ ২০ বছৰ সম্পূৰ্ণ হ’ল ৷

মনোৰঞ্জন জগতৰ সুবৃহৎ এই অনুষ্ঠানটি হৈছি মায়ানগৰী মুম্বাইত ৷ এই এৱাৰ্ড অনুষ্ঠানটো আঁত ধৰে আয়ুস্মান খুৰানা আৰু অৰ্জুন কাপুৰে ৷ এই অনুষ্ঠানত ছলমান খান,ৰনবীৰ কাপুৰ,বিক্কী কৌশল,মাধুৰী দিক্ষীত,কেটৰীনা কাইফ আৰু সাৰা আলি খানে নৃত্যানুষ্ঠান পৰিবেশন কৰে ।লগতে দীপিকা পাডুকন,আলিয়া ভাট,শ্বাহিদ কাপুৰৰ লগতে বহু বলীউডৰ চেলীব্ৰেটীয়ে অংশ গ্ৰহণ কৰে ।

আইফাত পদ্মাৱতৰ কাৰণে শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰে অদিতি ৰাও হইদৰীয়ে,শ্ৰেষ্ঠ সহ অভিনেতাৰ পুৰস্কাৰ লাভ কৰে সঞ্জু ছবিৰ কাৰণে ৱিকী কৌশলে,চনু কে টিটু কী চুইটীয়ে লাভ কৰে শ্ৰেষ্ঠ সংগীত এলবাম,ধড়ক ছবিৰ কাৰণে শ্ৰেষ্ঠ গীতিকাৰৰ পুৰস্কাৰ লাভ কৰে অমিতাভ ভট্টাচাৰ্যই,অৰজিৎ সিঙে লাভ কৰে এ ৱতন ছবিৰ কাৰনে লাভ কৰে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ পুৰস্কাৰ ৷ শ্ৰেষ্ঠ মহিলা কন্ঠ শিল্পীৰ বটাঁ লাভ কৰে হৰ্ষদ্বীপ কৌৰ আৰু বিভা ছৰাফে ৰাজী ছবিৰ এ ৱতন গীতটিৰ কাৰণে।

আইফাৰ ২০ বছৰৰ শ্ৰেষ্ঠ পৰিচালকৰ বিশেষ বটাঁ লাভ কৰে ৰাজকুমাৰ হিৰানীয়ে ৷ইফালে চেন্নাই এক্সপ্ৰেছৰ কাৰনে ২০ বছৰৰ বিশেষ বটাঁ লাভ কৰে দীপিকা পাডুকনে,বৰ্ফী ছবিৰ কাৰণে ৰণবীৰ কাপুৰে লাব কৰে ২০ বছৰৰ শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ৷ বলীউডৰ প্ৰসিদ্ধ নৃত্য পৰিচালক সৰোজ খানে লাভ কৰে ২০ বছৰৰ বিশেষ নৃত্য পৰিচালকৰ বটাঁ আৰু কহো ন্যা প্যাৰ হ্যে ছবিখনে লাভ কৰে ২০ বছৰৰ ভিতৰত বিশেষ পুৰস্কাৰে ৷ উল্লেখ্য যে এইবাৰ আইফা এৱাৰ্ডৰ দেখা গ’ল বহু ন পুৰণি শিল্পীৰ সমাহাৰ ৷ বলীউডৰ চেলীব্ৰেটীসকলৰ আকৰ্ষণীয় পোচাকত আইফা এৱাৰ্ড উজ্জ্বলি উঠিল ৷

অন্য খবৰৰ বাবে পঢ়ক:নিউয়ৰ্ক ফেশ্যন উইকৰ ৰেম্পত জিলিকিছে ২১ বছৰীয়া অসমৰ যুৱতী

ভিডিঅ প্ৰতক্ষ্য কৰক:Four members in a family fall sick after dinner in Tinsukia | The Sentinel News | Assam News

Next Story
চাকৰি