অপৰাধীৰ বাবে আশ্ৰয়স্থলীত পৰিণত গুৱাহাটী মহানগৰী, ২০১৯ বৰ্ষত ২০,৭২৮ টা গোচৰ ৰুজু

অপৰাধীৰ বাবে আশ্ৰয়স্থলীত পৰিণত গুৱাহাটী মহানগৰী, ২০১৯ বৰ্ষত ২০,৭২৮ টা গোচৰ ৰুজু

অপৰাধীৰ বাবে আশ্ৰয়স্থলীত পৰিণত গুৱাহাটী মহানগৰী, ২০১৯ বৰ্ষত ২০,৭২৮ টা গোচৰ ৰুজু। গুৱাহাটী‌ মহানগৰী দ্ৰুত গতিত অপৰাধীৰ বাবে আশ্ৰয় স্থলীত পৰিণত হৈ আছে । গুৱাহাটী মহানগৰীত ক্ৰমবৰ্ধমান অপৰাধৰ হাৰে এক কঠোৰ বাস্তৱ ছবি দৰ্শাইছে।

২০১৫ চনত গুৱাহাটী আৰক্ষী আয়ুক্তালয় কাৰ্যকৰী হৈছিল । ইয়াৰ তিনিখন আৰক্ষী জিলাত ২০ খন আৰক্ষী চকী অন্তৰ্ভুক্ত আছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে জনাজাত এই আৰক্ষী জিলা সমূহে কিন্তু চহৰত হৈ থকা অপৰাধৰ হাৰ কমাবলৈ বিফল হয়।

চহৰৰ ক্ৰাইম ৰিপোৰ্ট অনুসৰি ২০১৮ চনত ২০ খন আৰক্ষী থানাৰ প্ৰায় ১৮,৪৩৬ টা গোচৰ ৰুজু হৈছিল। ইয়াৰ সংখ্যা বৃদ্ধি হৈ ২০১৯ চনত ২০,৭২৮ টা গোচৰ ৰুজু হয় । কেন্দ্ৰীয় আৰক্ষী জিলাত অন্তৰ্ভূক্ত আয়ুক্তালয় সমূহৰ ভিতৰত আৰু ৯ আন আৰক্ষী চকী আছে । তাৰ ভিতৰত চান্দমাৰী আৰক্ষী থানাত ৰুজু হয় ১,৭৬৬ গোচৰ ,নুনমাটি আৰক্ষী থানাত ৰুজু হয় ৮০৮ টা গোচৰ, গীতানগৰ আৰক্ষী থানাত ৰুজু হয় ৫৮৬ টা গোচৰ , প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত ৰুজু হয় ২৭৬ টা গোচৰ, সাতগাঁও আৰক্ষী থানাত ৰুজু হয় ৩৫৬ টা গোচৰ, পানবজাৰ আৰক্ষী থানাত ৰুজু হয় ৯১১ টা গোচৰ , পল্টন বজাৰ আৰক্ষী থানাত ৰুজু হয় ১৪২৮ টা গোচৰ , পান বজাৰল অল ৱমেন আৰক্ষী থানাত ৰুজু হয় ১৮৯ টা গোচৰ , আৰু লতাশিল আৰক্ষী থানাত ৰুজু হয় ৪৩২ টা গোচৰ।

পশ্চিম আৰক্ষী জিলাৰ অন্তৰ্গত ৫ খন আৰক্ষী থানাত ২০১৯ চনত ৰুজু হয় ৫,৩২৭ টা গোচৰ । তাৰ ভিতৰত ভৰলুমুখ‌ আৰক্ষী থানাত ৰুজু হয় ৮৪৪ টা গোচৰ, জালুকবাৰী আৰক্ষী থানাত ৰুজু হয় ২,০৩৯ টা গোচৰ , গড়চুক আৰক্ষী থানাত ৰুজু হয় ৯৭৩ টা গোচৰ, ফটাশিল আমবাৰী আৰক্ষী থানাত ৰুজু হয় ৫৬৯ টা গোচৰ আৰু আজৰা আৰক্ষী থানাত ৰুজু হয় ৯০২ টা গোচৰ ।

২০১৯ চনত পূৱ আৰক্ষী জিলাৰ অন্তৰ্গত ছয় খন আৰক্ষী থানাত ৰুজু হয় ৮,৬৪৮ টা গোচৰ । দিছপুৰ আৰক্ষী থানাত সৰ্বাধিক গোচৰ ৰুজু হয়। ২০১৯ চনত ৩,৯২৯ টা গোচৰ ৰুজু হয়। হাতিগাঁও আৰক্ষী থানাত ৰুজু হয় ৯৪৯ টা গোচৰ, বশিষ্ঠ আৰক্ষী থানাত ৰুজু হয় ২,২১৪ টা গোচৰ, ভাঙাগড় আৰক্ষী থানাত ৰুজু হয় ৬০১ টা গোচৰ ,ক্ষেত্ৰী আৰক্ষী থানাত ৰুজু হয় ২২৬ টা গোচৰ আৰু সোণাপুৰ আৰক্ষী থানাত ৰুজু হয় ৭২৯ টা গোচৰ ।

এই গোচৰ সমূহৰ ভিতৰত ৪,৩২৮ টা গোচৰৰ সৈতে চুৰি কাৰ্যৰ গোচৰ সৰ্বাধিক আছে । তাৰ পিছতেই প্ৰতাৰণাৰ গোচৰ আছে ২,২৬৫ টা ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com