Begin typing your search above and press return to search.

ফিল্মফেয়াৰ বঁটা অনুষ্ঠান ২০২০ ৰ বাবে সাজু গুৱাহাটী মহানগৰী

ফিল্মফেয়াৰ বঁটা অনুষ্ঠান ২০২০ ৰ বাবে সাজু গুৱাহাটী মহানগৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Feb 2020 6:05 AM GMT

ফিল্মফেয়াৰ বঁটা অনুষ্ঠান ২০২০ ৰ বাবে সাজু গুৱাহাটী মহানগৰী।১৫ ফেব্ৰুৱাৰী ২০২০ ত গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ'ব লগীয়া ফিল্মফেয়াৰ বঁটা ২০২০ ৰ বাবে সাজু গুৱাহাটী মহানগৰী ।

বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদ মেলত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে ৰাজ্যৰ পৰ্যটন‌ বিভাগ উন্নত কৰিবৰ বাবে ফিল্ম ফেয়াৰ বঁটাৰ বাবে 'ওচম অসম'‌ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আঠটা প্ৰম' তৈয়াৰ কৰা হৈছে । এই প্ৰম' সমূহ ফিল্মফেয়াৰ বঁটা অনুষ্ঠানৰ মাজত প্ৰদৰ্শন কৰা হ'ব ।

কাইলৈ অনুষ্ঠিত হ'ব লগীয়া ফিল্মফেয়াৰ বঁটা অনুষ্ঠান পৰিচালনা কৰিব ছবি নিৰ্মাতা কৰণ জোহৰ আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্ত বিকি কৌশলে । কাৰ্যক্ৰম অনুসৰি দৰ্শক সকলে সন্ধিয়া ৫.৩০ বজাত নিজৰ আসন গ্ৰহন কৰিব লাগিব আৰু এই অনুষ্ঠান আৰম্ভ হ'ব ৬ বজাৰ পৰা।

জানিব পৰা মতে তালিকা অনুসৰি এই ফিল্মফেয়াৰ বঁটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগীয়া বলিউডৰ অভিনেতা অভিনেত্ৰী সমূহৰ ভিতৰত হ'ল অক্ষয় কুমাৰ, ৰণবীৰ সিং, বৰুণ ধাৱন, কৰণ জোহৰ, ছানি লিয়নি, মাধুৰী দিক্ষিত, দিছা পাটনী , ৰাধিকা আপটে, কাৰ্তিক আৰিয়ন, আয়ুস্মান খুৰাণা, সিদ্ধান্ত চতুৰ্বেদী , ৰাজকুমাৰ ৰাও, আলি ফেজল, মনিশ পল, সূৰজ পনছোলী,ভূমি পাডনেকাৰ, পৰিনিতি চোপ্ৰা আৰু বহুতো।

ফিল্মফেয়াৰ বঁটা ২০২০ ত অংশগ্ৰহণ কৰিব লগীয়া আন অভিনেতা অভিনেত্ৰী সমূহ হ'ল দীপিকা পাডুকণ, কেট্ৰিনা কেইফ, সোনম কাপুৰ, আলিয়া ভট, হেমামালিনী আৰু বহুতো।‌

অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই জনোৱা অনুসৰি এই অনুষ্ঠানলৈ শ্বাহৰুখ খান, চলমান খান আৰু আমিৰ খান নাহে । তেওঁ কয় যে শ্বাহৰুখ খান‌ তেওঁৰ আঠুৰ চাৰ্জাৰীৰ বাবে আহিব নোৱাৰে। তদুপৰি বিগ বি অমিতাভ বচ্চনে ইতিমধ্যে জনাইছে যে তেওঁৰ শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ নকৰে। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৭,০০৬ আসনৰ ব্যৱস্থা আছে। ফিল্মফেয়াৰ বঁটা অনুষ্ঠানত পুৰষ্কাৰ লাভ কৰিব লগীয়া ব্যক্তি সকল ১৫ ফেব্ৰুৱাৰী তাৰিখে উপস্থিত হ'ব । লগতে অন্যান্য অভিনেতা অভিনেত্ৰী সকল ১৪ ফেব্ৰুৱাৰী তাৰিখে উপস্থিত হ'ব ।

তদুপৰি ১৫০ গৰাকী অসমীয়া অভিনেতা অভিনেত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইয়াৰে তিনিটা প্ৰদৰ্শনত অসমীয়া সংস্কৃতিত গুৰুত্ব দিয়া হ'ব।‌ বিশেষকৈ বিহু , সত্ৰীয়া আৰু ট্ৰাইবেল নৃত্যৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰাব হ'ব ।‌

উল্লেখ্য যে প্রথমবাৰৰ বাবে টাইম্ছ অৱ ইণ্ডিয়া গ্রুপে মুম্বাইৰ বাহিৰত অভিজাত ফিল্মফেয়াৰ বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত কৰিব৷

অন্য খবৰৰ বাবে পঢ়ক : এটিচি বাগিচাৰ মজদুৰ সকলৰ বাবে পকী ঘৰ নিৰ্মানৰ সিদ্ধান্তক মঞ্জুৰী প্ৰদান অসম কেবিনেটৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : International Day of Women and Girls in Science observed at Assam Startup the Nest in Guwahati

Next Story
চাকৰি