শ্ৰীঘ্ৰেই গুৱাহাটী-বেংককলৈ আন্তঃৰাষ্ট্ৰীয় উৰণ আৰম্ভ হব: চন্দ্ৰ মোহন পাটোৱাৰী

শ্ৰীঘ্ৰেই গুৱাহাটী-বেংককলৈ আন্তঃৰাষ্ট্ৰীয় উৰণ আৰম্ভ হব: চন্দ্ৰ মোহন পাটোৱাৰী

গুৱাহাটী-ঢাকালৈ সফল ভাৱে উৰণ আৰম্ভ কৰাৰ পিছত শ্ৰীঘ্ৰেই গুৱাহাটী-বেংককলৈ আন্তঃৰাষ্ট্ৰীয় উৰণ আৰম্ভ কৰা হব বুলি প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । দক্ষিণ পশ্চিম এছিয়াৰ দেশ সমূহৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে । মংগলবাৰে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে, গুৱাহাটী-বেংককলৈ আন্তঃৰাষ্ট্ৰীয় উৰণৰ বাবে স্পাইচজেটে কন্ট্ৰেক লাভ কৰে। ৰাজ্য চৰকাৰে ইতিমধ্যে ভিজিএফ ( viability Gap Funding) ৰ ১০০ কোটি মুকলি কৰি দিছে । গুৱাহাটী-ঢাকালৈ ইতিমধ্যে স্পাইচজেটে যাত্ৰা অব্যাহত ৰাখিছে ।

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে লগতে কয় যে, অধিক ৪ আন্তঃৰাষ্ট্ৰীয় উৰণ- গুৱাহাটী-কুৱালা লুমপুৰ, গুৱাহাটী- কাঠমাণ্ডু, গুৱাহাটী-হানৈ আৰু গুৱাহাটী-য়ানগনলৈ শীঘ্ৰেই যাত্ৰা আৰম্ভ কৰা হব । লগতে তেওঁ প্ৰকাশ কৰে যে, এই আন্তঃৰাষ্ট্ৰীয় উৰণৰ বাবে যোগ্য পৰিচালনাকাৰী গোট পোৱা নাই , চৰকাৰে যোগ্য দলক বিচাৰী অভিযান অব্যাহত ৰাখিছে ।উৰণ আন্তঃৰাষ্ট্ৰীয় আচনিৰ অধিনত লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বাংলাদেশৰ ঢাকা, থাইলেণ্ডৰ বেংককৰ লগতে নেপালৰ কাঠমাণ্ডু, ম্যানমাৰৰ য়ানগন, ছিংগাপুৰ, মালায়েচিয়াৰ কুৱালা লুমপুৰলৈ আৰম্ভ হব বিমান সেৱা ।

উৰণ আন্তঃৰাষ্ট্ৰীয় আচনিৰ অধিনত কেন্দ্ৰীয় মন্ত্ৰালয়ে ভাৰতৰ ৰাজ্য সমুহৰ লগতে আৰু আন্তঃৰাষ্ট্ৰীয় লক্ষ্য সমূহৰ উন্নয়নৰ বাবে আৰ্থিক অনুদান দিয়ে । উৰণ আন্তঃৰাষ্ট্ৰীয় আচনিয়ে প্ৰত্যেক চাবচিটি ঢাকালৈ ২,৩৭০ , কাঠমাণ্ডুলৈ ২,৭১০ , বেংককলৈ ৪,৪০০ , য়নগনলৈ ৪,৭৭০ আৰু কুৱালা লুমপুৰলৈ ৭,৩৫০ আৰু ছিংগাপুৰলৈ ৭,৮৮০ টকা ।

ঢাকাৰ পাছত দ্বিতীয় বিমান সেৱা আৰম্ভ হব বেংককলৈ । আন্তঃৰাষ্ট্ৰীয় উৰণ ‘ আচনিৰ কথা প্ৰকাশ কৰি ৰাজ্যিক পৰিবহন তথা উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কছিল আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ এই আচনিৰ অধিনত লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো অন্তভূক্ত কৰিবলৈ অসম চৰকাৰে অসামৰিক বিমান পৰিবহন মন্ত্ৰীক আবেদন কৰিছিল । অন্তভূক্ত হোৱাৰ পাছত অসম চৰকাৰক বিমানবন্দৰটোৰ উন্নয়নৰ বাবে ১০০ কোটি আবন্টন দিয়া হৈছিল ।

বৰঝাৰ বিমানবন্দৰ পৰা দক্ষিণ পশ্চিম এছিয়া আৰু বি বি এন ( বাংলাদেশ , ভূটান, নেপাল)লৈ আৰম্ভ হব লগা বিমান সেৱায়ে ব্যবসায়, বানিজ্যি , সংস্কৃতি আৰু পৰ্যটনৰ ক্ষেত্ৰত উন্নয়নত যথেষ্ট সহায় কৰিব । ৰাজ্য চৰকাৰৰ অধিক অঞ্চল অন্তৰ্গত কৰিছে এই আচনিৰ অধিনত বুলিও প্ৰকাশ কৰে চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।

পৰ্যটন আৰু উদ্যোগৰ বিনিয়োগৰ উন্নয়নৰ ক্ষেত্ৰত এই আচনিখনৰ ওপৰত অধিক গুৰুত্ব দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো দক্ষিণ-পশ্চিম এছিয়াৰ এটা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হৈছে । অসম চৰকাৰে ইতিমধ্যে এই প্ৰস্তাৱৰ আগবঢ়াইছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com