Begin typing your search above and press return to search.

আন্তঃৰাষ্ট্ৰীয় উৰণ: আজিৰ পৰা গুৱাহাটী-ঢাকালৈ বিমাৰ সেৱা আৰম্ভ

আন্তঃৰাষ্ট্ৰীয় উৰণ: আজিৰ পৰা গুৱাহাটী-ঢাকালৈ বিমাৰ সেৱা  আৰম্ভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 July 2019 1:06 PM GMT

আজিৰ পৰা আৰম্ভ হয় গুৱাহাটী আৰু বাংলাদেশৰ মাজত বিমান সেৱা। গুৱাহাটী ঢাকা সংযোগী প্ৰথমখন বিমানৰ যাত্ৰাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিআইপি পাৰ্কিং এলেকাত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । মুখ্যমন্ত্ৰীৰ লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী সিদ্ধান্ত ভট্টাচাৰ্য, ভৱেশ কলিতাকে ধৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা।

গুৱাহাটীৰ পৰা পুৱা ১১.৫৫ বজাত ঢাকালৈ ৰাওনা হয় বিমান। আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ আঁচনিৰ অধীনত এই সেৱা আৰম্ভ কৰা হৈছে ।গুৱাহাটী- ঢাকাৰ বিমানৰ শুভাৰম্ভি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰকাশ কৰে যে, " দক্ষিণ এছিয়াৰ সকলো দেশৰ ৰাজধানী সৈতে আমি যোগাযোগ স্থাপন কৰিবলৈ পদক্ষেপ লৈছো । বাংলাদেশ , ভূটান, ভাৰত, নেপাল ৰ সৈতে গুৱাহাটীৰ পৰা যাতায়াত সম্ভপৰ হব "।

লগতে সৰ্বানন্দ সোনোৱাল প্ৰকাশ কৰে যে, যোগাযোগৰ বাবে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ক প্ৰয়োজনীয় কাম কৰাৰ বাবে অনুৰোধ কৰিছে বুলি প্ৰকাশ কৰে।পৰ্যটন আৰু উদ্যোগৰ বিনিয়োগৰ উন্নয়নৰ ক্ষেত্ৰত এই আচনিখনৰ ওপৰত অধিক গুৰুত্ব দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো দক্ষিণ-পশ্চিম এছিয়াৰ এটা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হৈছে । অসম চৰকাৰে ইতিমধ্যে এই প্ৰস্তাৱৰ আগবঢ়াইছে ।

উৰণ আন্তঃৰাষ্ট্ৰীয় আচনিৰ অধিনত লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বাংলাদেশৰ ঢাকা, থাইলেণ্ডৰ বেংককৰ লগতে নেপালৰ কাঠমাণ্ডু, ম্যানমাৰৰ য়ানগন, ছিংগাপুৰ, মালায়েচিয়াৰ কুৱালা লুমপুৰলৈ আৰম্ভ হব বিমান সেৱা ।

উৰণ আন্তঃৰাষ্ট্ৰীয় আচনিৰ অধিনত কেন্দ্ৰীয় মন্ত্ৰালয়ে ভাৰতৰ ৰাজ্য সমুহৰ লগতে আৰু আন্তঃৰাষ্ট্ৰীয় লক্ষ্য সমূহৰ উন্নয়নৰ বাবে আৰ্থিক অনুদান দিয়ে । উৰণ আন্তঃৰাষ্ট্ৰীয় আচনিয়ে প্ৰত্যেক চাবচিটি ঢাকালৈ ২,৩৭০ , কাঠমাণ্ডুলৈ ২,৭১০ , বেংককলৈ ৪,৪০০ , য়নগনলৈ ৪,৭৭০ আৰু কুৱালা লুমপুৰলৈ ৭,৩৫০ আৰু ছিংগাপুৰলৈ ৭,৮৮০ টকা ।

ঢাকাৰ পাছত দ্বিতীয় বিমান সেৱা আৰম্ভ হব বেংককলৈ । আন্তঃৰাষ্ট্ৰীয় উৰণ ' আচনিৰ কথা প্ৰকাশ কৰি ৰাজ্যিক পৰিবহন তথা উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কছিল আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ এই আচনিৰ অধিনত লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো অন্তভূক্ত কৰিবলৈ অসম চৰকাৰে অসামৰিক বিমান পৰিবহন মন্ত্ৰীক আবেদন কৰিছিল । অন্তভূক্ত হোৱাৰ পাছত অসম চৰকাৰক বিমানবন্দৰটোৰ উন্নয়নৰ বাবে ১০০ কোটি আবন্টন দিয়া হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় উৰণ : ১ জুলাইৰ পৰা গুৱাহাটীৰ- ঢাকালৈ বিমান সেৱা আৰম্ভ হব

Next Story
চাকৰি