Begin typing your search above and press return to search.

গুৱাহাটীত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি

গুৱাহাটীত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Aug 2019 9:27 AM GMT

ৰাজ্যত সম্প্ৰতি স্বাধীনতা দিৱসৰ উদযাপনৰ কাৰণে উদুলি মুদূলি পৰিবেশ ৷ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ কাৰণে সাজু হৈছে ৰাজ্য বাসী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰীতো ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷ ইফালে মহানগৰীৰ সম্প্ৰতি তিনিবৰণীয়া জাতীয় পতাকাৰে ভৰি পৰিছে।

এই সন্দৰ্ভত দ্য চেন্টিনেলে এজন স্থানীয় বিক্ৰেতাৰ লগত মত বিনিময় কৰোতে কয় যে মহানগৰীত উপলব্ধ জাতীয় পতাকা সমূহৰ মূল্য কাপোৰ আৰু কাগজৰ মানদণ্ড অনুসৰি পৃথক পৃথক ৷ জাতীয় পতাকাৰ উপৰিও আমাৰ লগত টুপী আৰু বেজ আছে। কাৰ্তিক দাস নামৰ আন এজন বিক্ৰেতাই কয় যে মই বিগত পাঁচ বছৰৰ পৰা এই কাম কৰি আছো ৷এই সামগ্ৰীসমূহ কলকাতাৰ পৰা আহে ।গ্ৰাহকসকলৰ প্ৰতিক্ৰিয়াও সন্তোসজনক পাই আহিছো ৷সম্প্ৰতি আমি প্লাষ্টিকৰ পৰা তৈয়াৰী পতাকা বিক্ৰী নকৰোঁ কাৰণ চৰকাৰে ইয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷

দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসক উদযাপন কৰিবলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে স্বাধীনতা দিৱসৰ আয়োজন সম্পৰ্কে এক সংবাদ মেল আয়োজন কৰে ৷ জিলা প্ৰশাসনে প্ৰকাশ কৰা কাৰ্যসূচী অনুযায়ী ১৫ আগষ্টত খানাপাৰাত কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱস আয়োজন কৰা হ’ব ৷

লগতে জিলা প্ৰশাসনে তিনি দিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰিব ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷ সেয়েহে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰত থকা স্বাধীনতা সংগ্ৰামী শ্বহীদ সকলৰ প্ৰতিমূৰ্ত্তিসমূহ চাফা কৰি ৰং দি সজাই তুলিব ৷ স্বাধীনতা দিৱসত ছাত্ৰ ছাত্ৰীসকলৰ পেৰেডত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এক পদক্ষেপ লয় ৷

সপ্তম আৰু অষ্টম শ্ৰেণীৰ তলৰ ছাত্ৰ ছাত্ৰী সকলৰ অংশগ্ৰহণত বাধা দিয়ে ৷ আৰু এইবাৰ কেৱল দশম শ্ৰেণীৰ পৰা মহাবিদ্যালয়, বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰীসকলহে পেৰেডত থাকিব ৷পূৰ্বৰ দৰে চলিত বৰ্ষতো খানাপাৰা পেৰেড গ্ৰাউণ্ডতে বিশেষ পাৰদৰ্শিতা দেখুওৱা আৰক্ষী বিষয়া আৰক্ষী,স্বাধীনতা সংগ্ৰামীসকলক বিশেষভাৱে সম্বৰ্ধনা আৰু সাহসিকতাৰ পৰিচয় দিয়া ব্যক্তিক বীৰ চিলাৰায় বটাঁৰে সন্মানিত কৰিব ৷ এই তিনি দিনীয়া কাৰ্যসূচীত কুইজ , ৰচনা , চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক: সমাগত স্বাধীনতা দিৱসৰ প্ৰস্তুতিক লৈ কামৰূপৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সংবাদমেল

ভিডিঅ প্ৰতক্ষ্য কৰক:Police Sub-Inspector dies in a fatal accident in Tinsukia | The Sentinel News | Assam News

Next Story
চাকৰি