Begin typing your search above and press return to search.

গুৱাহাটী পৌৰ নিগমৰ গৃহ নিৰ্মাণৰ প্ৰণালী অনলাইন কৰা হৈছে

গুৱাহাটী পৌৰ নিগমৰ গৃহ নিৰ্মাণৰ প্ৰণালী অনলাইন কৰা হৈছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Jun 2019 1:54 PM GMT

গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান প্ৰধালীটো ইতিমধ্যে অনলাইন ব্যবস্থালৈ উন্নীত কৰা হৈছে । নতুন আবেদনৰ ক্ষেত্ৰত এই ব্যৱস্থাৰ জৰিয়তে অনুমতি-পত্ৰসমূহ দিয়া হৈছে । উল্লেখযোগ্য যে এই ক্ষেত্ৰত বিভিন্ন কাৰিকৰী আসোঁৱাহ আৰু প্ৰয়োজনীয় তথ্য-পাতিৰ অসম্পূৰ্ণতাৰ কাৰণে নিৰ্মাণৰ অনুমতি প্ৰদান কৰিব নোৱাৰা কিছু সংখ্যক নথি আবেদনকাৰী সকলে সংশোধিত নহয় বা তথ্য পাতি জমা নিদিয়াৰ ফলত দীৰ্ঘ দিন ধৰি পৌৰ নিগমৰ কাৰ্যালয়ত পৰি আছে ।

উল্লেখযোগ্য যে এক বিশেষ কাৰ্যক্ৰমনিকাৰ আধাৰত পৌৰ নিগমে এই নথি সমুহৰ ক্ষেত্ৰত এক নিদিষ্ট সময় - সীমাৰ ভিতৰত চুৰান্ত সিদ্ধান্ত লৈছে । গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান প্ৰধালীটো ইতিমধ্যে অনলাইন ব্যবস্থালৈ উন্নীত কৰা হৈছে ।

বিভিন্ন কাৰিকৰী আসোঁৱাহ আৰু প্ৰয়োজনীয় তথ্য-পাতিৰ অসম্পূৰ্ণতাৰ কাৰণে নিৰ্মাণৰ অনুমতি প্ৰদান কৰিব নোৱাৰা কিছু সংখ্যক নথি আবেদনকাৰী সকলে সংশোধিত নহয় বা তথ্য পাতি জমা নিদিয়াৰ ফলত দীৰ্ঘ দিন ধৰি পৌৰ নিগমৰ কাৰ্যালয়ত পৰি আছে । এনে মীমাংসা নোহোৱাকৈ পৰি থকা আবেদন সমূহৰ সকলো আবেদনকাৰীকে অহা ১০ জুনৰ ভিতৰত কাৰিকৰী আসোঁৱাহ-মুক্ত নক্সা আৰু প্ৰয়োজনীয় তথ্য পাতি সমূহ কাৰ্যালয়ত জমা দি তেওলোকৰ আবেদন সমূহ নিষ্পত্তি কৰাত পৌৰ নিগমক সহায় কৰিবলৈ আহ্বান জনাই । আবেদনকাৰী সকলে গুৱাহাটী পৌৰ নিগমৰ উজান বজাৰৰ কাৰ্যালয়ত থকা হেল্প- ডেক্সত সংশোধিত নক্সা আৰু কাগজ পত্ৰ কাৰ্যালয় চলি থকা যিকোনো সময়ত জমা দিব পাৰিব । সকলো আবেদন পত্ৰ চলিত ১৪ আৰু ১৫ জুন তাৰিখে পৌৰ নিগমৰ উজান বজাৰ কাৰ্যালয়ত অনুষ্ঠিত হব লগা এক শুনানি যোগে মীমাংসা কৰা হ'ব। সেয়েহে আবেদনকাৰী সকলক উক্ত শুনানিত উপস্থিত থাকিবলৈ আহ্বান জনোৱা হ'ল।

১৫ জুনৰ পিচত অমীমাংসিত হৈ ৰোৱা সকলো আবেদন স্থায়ী ভাৱে নাকচ কৰা হব আৰু ইচ্ছুক আবেদনকাৰী সকলে সম্পূৰ্ণ নতুনকৈ অনলাইন ব্যবস্থাৰ যোগে আবেদন কৰিব লাগিব ।অনুমোদিত হৈ পৰি থকা গৃহ নিৰ্মানৰ অনুমতি পত্ৰসমূহ যাৱতীয় মাছুল জমা দি নিগমৰ কাৰ্যালয়ৰ পৰা অতি সোনকালে সংগ্ৰহ কৰিবলৈয়ো সংশ্লিষ্ঠ আবেদনকাৰী সকলক জনোৱা হ'ল ৷ এনেদৰে দিৰ্ঘদিন পৰি থকা অনুমতি পত্ৰ সমূহ অহা ৩০ জুনৰ ভিতৰত সংগ্ৰহ নকৰিলে বিভাগীয় ভাবে সেই অনুমতি নাকচ কৰা হয় ৷

অন্য খবৰৰ বাবে পঢ়ক :অম্বুবাচী মেলাৰ কাৰণে সাজু হৈছে গুৱাহাটী পৌৰ নিগম

Next Story
চাকৰি