Begin typing your search above and press return to search.

গুৱাহাটী ৰেল আৰক্ষীৰ সাফল্য:১৩ খন ৰয়েল এনফিল্ড চুৰি বাইক জব্দ

গুৱাহাটী ৰেল আৰক্ষীৰ সাফল্য:১৩ খন ৰয়েল এনফিল্ড চুৰি বাইক  জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Oct 2019 4:35 AM GMT

১৩ খন ৰয়েল এনফিল্ড চুৰি বাইক জব্দ গুৱাহাটী ৰেলৱে ষ্টেচনত ।বুধবাৰে গুৱাহাটী ৰেলৱে ষ্টেচনৰ পাৰ্চেল কাৰ্যালয়ত ১৩ খন চুৰি ৰোয়েল এনফিল্ড বাইক জব্দ কৰা হয় । গুৱাহাটী ৰে’লৱে আৰক্ষীৰ এক বৃহৎ সাফল্য। গুৱাহাটী ৰেলৱে পুলিচৰ এক উৎস অনুসৰি গুৱাহাটী ৰেলৱে ষ্টেচনত উদ্ধাৰ হোৱা চুৰি কৰা বাইক কেইখন দিল্লীৰ পৰা মনিপুৰলৈ পঠোৱা হৈছিল ।

যি নহওক গুৱাহাটীৰ চৰকাৰী ৰেলৱে পুলিচ ( government railway police ) এ দিল্লী কতৃপক্ষৰ লগত এই সম্পৰ্কে জনাইছে । ইফালে ২৫ ছেপ্তেম্বৰত আৰপিএফ কৰ্মীয়ে এই ঘটনা সন্দৰ্ভত মণিপুৰৰ দুজন ব্যক্তি আৰু উত্তৰ প্ৰদেশৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকে পাৰ্চেল কাৰ্যালয়ৰ পৰা দুখন ৰয়েল এনফিল্ড লৈছিল। কাৰণ দুয়োজনে বাহন দুখনৰ বৈধ নথি পত্ৰ দেখুৱাত বিফল হৈছিল।

আনহাতে তদন্ত পিছত আবুঙ খাবা নামৰ লোকজনে কয় যে দুয়োখন ৰয়েল এনফিল্ড দিল্লীৰ পৰা চোৰ কৰা হৈছিল। আৰু মণিপুৰত বিক্ৰীৰ কাৰণে পঠোৱা হৈছিল। ২৮ ছেপ্তেম্বৰতো আৰপিএফ কৰ্মীয়ে ৱাহিদুৰ ৰহমান,ৱাৰিশ খান আৰু মমতাজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোক মণেপুৰৰ থওৱাল জিলাৰ বাসিন্দা আছিল। তদন্তৰ অন্তত প্ৰকাশ পায় যে ৱাৰিশ খানৰ ভাতৃ সুৰজ খান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ থাকি বিভিন্ন স্থানৰ পৰা মটৰ চাইকেল উঠায়। আৰু ভায়েক ৱাৰিশ খানলৈ প্ৰেৰণ কৰে ।লগতে তদন্তৰ অন্তত মটৰ চাইকেল সমূহ মালিক সকলৰ সম্ভেদ পোৱা যায়।

উল্লেখ্য যে চৰকাৰী ৰেলৱে পুলিচৰ আৰক্ষী অধীক্ষক মহেশ বৈশ্যই চেন্টিনেল জনায় যে দিল্লীৰ বিভিন্ন পুলিচ ষ্টেচনত ইতিমধ্যে ১২ খন চুৰি বাইকৰ গোচৰ ৰুজু কৰিছে ।এই ঘটনা সম্পৰ্কে দিল্লী চৰকাৰী ৰেলৱে পুলিচৰ সহায় কৰিছে গুৱাহাটী চৰকাৰী ৰেলৱে পুলিচে । চুৰি হোৱা বাইক সমূহৰ উপৰিও আন এক সাফল্য গঢ়ে গুৱাহাটী ৰেলৱে পুলিচে । গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ কৰা হয় ৬৬ টা মোবাইল ফোন । লগতে আটক কৰে মোবাইল ফোন চুৰি কাৰ্যত জড়িত থকা দুজন ধৃতক । এই ধৃত লোক দুজন হ'ল চাহাবুদ্দিন আৰু আব্দুচ চাটাৰ । এই ধৃত লোক দুজন পশ্চিম বংগৰ মালডাৰ বুলি জানিব পৰা গৈছে।

অন্য খবৰৰ বাবে পঢ়ক: ৬০২৮ উচ্চ ক্ষমতা সম্পন্ন চিচিটিভি কেমেৰাৰ সংস্থাপন গুৱাহাটী মহানগৰীত

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Puja Preparations at Naba Bikas Sangha in Guwah

Next Story