উত্তৰ পূবৰ পৰিস্কাৰ চহৰৰ ভিতৰত দ্বিতীয় স্থানত গুৱাহাটী

উত্তৰ পূবৰ পৰিস্কাৰ চহৰৰ ভিতৰত দ্বিতীয় স্থানত গুৱাহাটী

গুৱাহাটী বাসীলৈ এক বিশেষ সুখবৰ ৷গুৱাহাটী(ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩০৩ )য়ে উত্তৰ পূবাঞ্চলৰ ভিতৰত পৰিস্কাৰ চহৰ হিছাপে দ্বিতীয় স্থানত আছে। গুৱাহাটী মহানগৰীয়ে ৪২৫ খন চহৰৰ ভিতৰত ৩০৩ নম্বৰ স্থান লাভ কৰিছে ৷ ইয়াৰ মাজতে ইম্ফলে (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৪৩) তৃতীয় স্থান আৰু ইটানগৰে (ৰাষ্ট্ৰীয় ভিত্তিত স্থান ৩৭৮) চতুৰ্থ স্থান লাভ কৰিছে ৷

উত্তৰ পূবৰ গেংটক সকলোতকৈ পৰিস্কাৰ চহৰ হিচাপে স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় ভিত্তিত গেংটকৰ স্থান হৈছে ২৭৫ ৷ আটাইতকৈ অপৰিস্কাৰ চহৰ হিছাপে পৰিগণিত হৈছে শিলচৰ। অসমৰ ডিব্ৰুগড় চহৰে অসম তথা উত্তৰ পূবাঞ্চলৰ আটাইতকৈ অপৰিস্কাৰ চহৰৰ হিছাপে দ্বিতীয় স্থানত আছে ।শিলচৰে দেশৰ ৪২৫ খন অপৰিস্কাৰ চহৰৰ ভিতৰত ৪২৩ সংখ্যক স্থান লাভ কৰিছে আৰু ডিব্ৰুগড়ে লাভ কৰিছে ৪১৫ স্থান। বুধবাৰে প্ৰকাশ পোৱা স্বচ্ছ সৰ্বেক্ষণ ২০১৯ ৰ অনুসৰি ভাৰতৰ আটাইতকৈ পৰিস্কাৰ চহৰ হিছাপে স্থান লাভ কৰিছে ইন্দোৰে।

ইয়াৰ পিছতে পৰিস্কাৰ চহৰৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ছত্তীশগড়ৰ অম্বিকাপুৰ আৰু কৰ্ণাটকৰ মাইছোৰ। আনহাতে নাগালেণ্ডৰ ৰাজধানী কহিমাই পঞ্চম স্থান লাভ কৰিছে। সেইদৰে আগৰতলাই লাভ কৰিছে ষষ্ঠ স্থান ৷সপ্তম স্থানত আছে শ্বিলং,আৰু আইজলে লাভ কৰিছে অষ্টম স্থান ।উল্লেখ্য যে স্বচ্ছ সৰ্বেক্ষণ হৈছে দেশজুৰি চহৰ আৰু মহানগৰসমূহৰ পৰিচ্ছন্নতা,স্বাস্থ্যসন্মত ব্যৱস্থা তথা অনাময় ব্যৱস্থাৰ ওপৰত চলোৱা এক সমীক্ষা।

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Two storeyed Durga Temple inaugurated at Kharupetia in Darrang

Tags

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com