Begin typing your search above and press return to search.

পানীৰ নাটনিৰ কাৰণে এইটো ছাত্ৰীবাসত চুলি কটোৱালে অধ্যক্ষই: কিন্তু ক’ত সংঘটিত হৈছে এই ঘটনা

পানীৰ নাটনিৰ কাৰণে এইটো ছাত্ৰীবাসত চুলি কটোৱালে অধ্যক্ষই: কিন্তু ক’ত সংঘটিত হৈছে এই ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Aug 2019 12:14 PM GMT

পানীৰ নাটনিৰ কাৰণে এখন বিদ্যালয়ৰ হোষ্টেলৰ ছাত্ৰীক চুলি কটোৱালে অধ্যক্ষই ৷ এই ঘটনা সংঘটিত হৈছে তেলেংগনাত ৷ ট্ৰিবাল গাৰ্লছ গুৰুকুল বিদ্যালয়ৰ অধ্যক্ষই দুদিন পূৰ্বে প্ৰায় ১৫০ গৰাকী ছাত্ৰীৰ চুলি কাটি দিয়ে। কাৰণ হোষ্টেলৰ কাৰণে নিয়মিত ৰূপত গা ধোৱাৰ কাৰণে পৰ্যাপ্ত পৰিমাণে পানীৰ নাটনি হয়। যাৰ কাৰণে ছাত্ৰীবাসৰ সকলো ছাত্ৰীক অধ্যক্ষই নাপিত মাতি আনি চুলি কাটি দিয়ে। আৰু চুলি কটাৰ কাৰণে প্ৰত্যেকজনৰ কাৰণে লয় ২৫ টকাকৈ ৷

ইফালে এই ঘটনাটো পোহৰলৈ আহে ছাত্ৰীসকলৰ পিতৃ মাতৃয়ে যেতিয়া তেওঁলোকৰ সন্তানক সাক্ষাৎ কৰিবলৈ বিদ্যালয়খনৰ হোষ্টেলত উপস্থিত হয়। ইয়াৰ লগে লগে নিজৰ সন্তানৰ চুটি চুটি চুলি দেখি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিভাৱকসকলে ৷কিছুমান অভিভাৱক সন্তানৰ এনেধৰণৰ চুটি চুটি চুলি দেখি হোষ্টেলৰ কৰ্মচাৰীৰ লগত মতানৈক্যত লিপ্ত হয়। আৰু বিৰোধ প্ৰদৰ্শন কৰে।

আনহাতে বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষকৰ মন্তব্য যে ছাত্ৰীসকলে নিজৰ চুলিৰ যত্ন ল’ব পৰা নাছিল ৷আৰু হোষ্টেলত পানীৰ পৰিমাণ অতি সীমিত আছিল ৷ কিন্তু এগৰাকী ছাত্ৰীৰ মন্তব্য অনুসৰি শিক্ষকে তেওঁলোকৰ অনুমতি অবিহনে চুলি কাটে ৷আৰু তেওঁলোকৰ মূৰত ঘাঁও হয়। আনহাতে বিদ্যালয়ৰ অধ্যক্ষৰ মত অনুসৰি সকলো ছাত্ৰী মোৰ নিজৰ সন্তানৰ দৰে। গতিকে এই বিতৰ্কটোক ইয়াতে সমাপ্ত কৰক।

লগতে বিনা অনুমতিত চুলি কটা বিষয়টোক নসাৎ কৰি অধ্যক্ষই কয় যে আমি ছাত্ৰীসকলৰ ইচ্ছাৰ বিৰুদ্ধে একো কৰা নাই। আমাৰ লগত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ছাত্ৰী আছে ৷আৰু তেওঁলোকে চুলি কাটিবৰ কাৰণে সহমত দিছে ৷লগতে কয় যে পানী পৰিমাণে দিনক দিনে সীমিত হৈ আহিছে । লগতে ছাত্ৰীসকলৰ কাৰণে গা ধোৱা আৰু কাপোৰ ধুবলৈও পানীৰ নাটনি হৈছে।

উল্লেখ্য যে কিছুমান অভিভাৱকে নিজৰ সন্তানৰ লগত কৰা এনে ধৰণৰ ঘটনাক লৈ তীব্ৰ বিৰোধিতা প্ৰদৰ্শন কৰে। লগতে বিদ্যালয়ৰ কৰ্মচাৰীৰ লগত হতাহতিত লিপ্ত হয়। ইফালে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবৰ কাৰণে এজাহাৰ দাখিল কৰা কথা প্ৰকাশ কৰিছে ৷ আৰু চুলি কটাৰ কাৰণে দায়ী হোৱা লোকৰ বিৰুদ্ধে তদন্ত কৰিব বুলি প্ৰকাশ কৰে কালেক্টৰ ধৰ্ম ৰেড্ডীয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক : এহাল বিশেষ দম্পতীঃঝাৰু, চেণ্ডেলেৰে খেদি পঠিয়ালে চোৰক:চৰ্চিত সৰ্বত্ৰে

ভিডিঅ প্ৰতক্ষ্য কৰক:Wild elephants create havoc in the wee hours at Kathalguri, Bordumsa

Next Story
চাকৰি