Begin typing your search above and press return to search.

ৰাজ্যত বহুতো প্ৰকল্প অৰ্ধ নিৰ্মিত অবস্থাত: আধাৰশিলাতে সীমাবদ্ধ প্ৰকল্প

ৰাজ্যত বহুতো প্ৰকল্প অৰ্ধ নিৰ্মিত অবস্থাত: আধাৰশিলাতে সীমাবদ্ধ প্ৰকল্প

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 July 2019 8:19 AM GMT

বিজেপি চৰকাৰে শাসনৰ গাদী দখলত কৰাৰ পাছতে প্ৰকাশ কৰিছিল যে ৰাজ্যত যি সমূহ অৰ্ধ নিৰ্মিত প্ৰকল্প আছে। সেই প্ৰকল্প সমূহ সম্পূৰ্ণ কৰাত অধিক গুৰুত্ব প্ৰদান কৰা হব । কিন্তু সেয়া বাস্তৱত প্ৰতিফলিত হোৱা পৰিলক্ষিত হোৱা নাই ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৰ্ধ নিৰ্মিত প্ৰকল্পৰ সমূহ সহজতে দেখিবলৈ পোৱা যায় আৰু এনে ধৰনৰ কাম সমূহ বছৰৰ পাছত বছৰ ধৰি পৰি আছে তেনেদৰেই । বহু কোটি কোটি টকা এই প্ৰকল্পৰ বাবে লোকচান হোৱা পৰিলক্ষিত হয় ।

উল্লেখযোগ্য যে, বেলতলাৰ বজাৰৰ কাম আৰম্ভ কৰিছিল ২০০৯-১০ চনতে আৰু ইয়াৰ কাম আৰম্ভ কৰিয়ে এৰি দিয়া হয়। আনহাতে ফটাশিল বজাৰৰ কাম ২০১৪ চনতে আৰম্ভ হৈছিল । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰ চি চি দলংৰ কাম অসম্পূৰ্ণকৈ পৰি থকা পৰিলক্ষিত হৈছে । আনকি বহুতো দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতো পথৰ সৈতে সংযোগ কৰা হোৱা নাই ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে , বহুতো কাম অৰ্ধ নিৰ্মিত অবস্থাত এৰি দিব লগা হৈছে ধনৰ বাবে। কেতিয়াবা বিত্ত বিভাগে প্ৰকল্পটোৰ বাবে প্ৰথম ধন মুকলি কৰি দিয়ে যদিও পিছত খিনি মুকলি কৰি নিদিয়াৰ ফলত আধাতে কাম সামৰিব লগীয়া হয় । বহু সময়ত বিত্ত বিভাগে চলি থকা প্ৰকল্পৰ বাবে ধন মুকলি কৰি নিদিয়াৰ ফলত কাম বন্ধ হৈ পৰে। "লগতে সূত্ৰয়ে প্ৰকাশ কৰে যে, বহুতো বিভাগে বিত্ত বিভাগক পাব লগীয়া ধনৰ বাবে নজনাই ।

২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে খানাপাৰাত মেট্ৰ ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল । কিন্তু উন্নয়নৰ এই প্ৰকল্প আধাৰশিলাতে সীমাবদ্ধ হৈ ৰ’ল ।বৰ্তমান এই আধাৰশিলাৰ স্থানত হাবি জংঘলৰে ভৰি পৰা পৰিলক্ষিত হৈছে । ১৪ হাজাৰ কোটি টকীয়া প্ৰকল্পটো এতিয়া পৰিত্যক্ত অবস্থাত ।

পি ডব্লিউ ডিৰ সূত্ৰয়ে প্ৰকাশ কৰে যে, বিভাগে বহু সময়ত বিত্ত বিভাগক অৰ্থ বিচাৰে যদিও বহু সময় ধন মুকলি কৰি দিবলৈ আবন্টন লাভ নকৰে । সেয়েহে কাম বন্ধ কৰি দিব লগা হয়। বিত্ত বিভাগেৰ সূত্ৰয়ে প্ৰকাশ কৰে যে, " আমি ধন মুকলি কৰাৰ আগত প্ৰত্যেক দিশত চাব লগা হয়। যদি বিভাগে আহি বৈধ নথিপত্ৰ দেখুৱাই তেতিয়া কামৰ বাবে ধন মুকলি কৰি দিয়া হয় ।

অধিক খবৰৰ বাবে পঢ়ক : গুৱাহাটীৰ মেট্ৰ ৰেলৰ প্ৰকল্প বাস্তৱত ৰূপায়ণ হ’বনে? নে আধাৰশিলাতে সীমাবদ্ধ হব ?

Next Story
চাকৰি