সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপন । দেশৰ আগশাৰীৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী । নিজৰ ভাষণেৰে সমগ্ৰ দেশবাসীৰ মন মুহিব পৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন।"" জীৱন আনৰ বাবে নহয় নিজৰ বাবে ও জীয়াব পাৰি "" বুলি কোৱা অতুলনীয় ব্যক্তিত্বৰ অধিকাৰী প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ।

দেশৰ সন্মানীয় প্ৰধান মন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষ্যে বিভিন্ন ঠাইত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয় । মঙ্গলবাৰে নামৰূপত প্ৰধান মন্ত্ৰী মোদীৰ ৬৯ তম জন্মদিন উপলক্ষ্যে সেৱা সপ্তাহ কৰে ভাৰতীয় জনতা পাৰ্টীয়ে । ভাৰতীয় জনতা পাৰ্টী নামৰূপ আঞ্চলিকৰ উদ্যোগত পুৱা দহ বজাত ভাৰতীয় জনতা পাৰ্টী ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱাই কেক কাটি প্ৰধান মন্ত্ৰী মোদীৰ জন্মদিন পালন কৰে।

লগতে কৰ্মকৰ্তা সকলেও বৃক্ষ ৰোপন , ফল মূল বিতৰন কৰি দেশৰ নায়কজনক ৬৯ তম জন্মদিন ৰ শুভেচ্ছা জনায় । ভাৰতীয় জনতা পাটী নামৰূপ পঞ্চায়তৰ কৰ্মকত্তা সকলে ভাগ লোৱা এই কাৰ্যসূচীত নামৰূপ পৌৰ সভা সভাপতি,কৃষক মৰ্চা,মহিলা মছা,যুৱ মছা নেতা সকলে ভাগ লয়।

মঙলদৈ ৰ দৰে হোজাই জিলাটো পালন কৰা হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯ তম জন্মদিন। হোজাইত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে বিজেপিয়ে প্ৰনয়ন কৰে ফল মূল বিতৰণ আৰু সমদল কাৰ্যসূচী । হোজাই জিলা বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে মঙ্গলবাৰে হোজাইত বিজেপিয়ে গ্ৰহণ কৰা‌দেখা যায় কেইবাটাও কাৰ্যসূচী।

বিজেপি জিলা কাৰ্যলয়ৰ পৰা নতুন বজাৰ স্থিত চৰকাৰী কাৰ্যলয়লৈ সমদল বাহিৰ কৰাৰ লগতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগী সকলৰ মাজত ফলমূল বিতৰণ কৰা হয় ।।উক্ত কাৰ্যসূচীত বিজেপিৰ জিলা সভাপতি অৰ্জুন মজুমদাৰ,জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱী,দেবাশীষ দত্ত সহ বিজেপিৰ দুই শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে।

লগতে কাৰ্যকৰ্তা সকলে কয় যে , প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষ্যে দেশৰ বিভিন্ন ঠাইৰ চিকিৎসা কেন্দ্ৰ ত চিকিৎসা ধীন হৈ থকা ৰোগী সকলৰ লগতে অনাথ আশ্ৰমত সমূহতো ফল মূল বিতৰন কৰে । লগতে যোৱা ১৪ চেপ্তেম্বৰ তাৰিখৰ পৰা ২০ তাৰিখলৈ এই সেৱা সপ্তাহ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ভাৰতীয় জনতা পাৰ্টীয়ে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Self-styled god man apprehended in Duliajan

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com