ব্যক্তিগত টিউশ্যনত ক্ষেত্ৰত দিছপুৰৰ স্থিতি

ব্যক্তিগত টিউশ্যনত ক্ষেত্ৰত দিছপুৰৰ স্থিতি

দুবছৰৰ পূৰ্বে মহাবিদ্যালয়ৰ শিক্ষকসকলক ব্যক্তিগত টিউশ্যন লোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছিল দিছপুৰ ৷ কিন্তু দিছপুৰৰ সেই প্ৰতিবন্ধকতা বিফল হ’ল ৷কাৰণ এতিয়াও মহাবিদ্যালয়ৰ শিক্ষকসকলে এনেধৰণে ব্যক্তিগত টিউশ্যনৰ প্ৰথা এতিয়াও চলি আছে ৷কাৰণ ব্যক্তিগত টিউশ্যনৰ আকৰ্ষণ এতিয়াও শিক্ষকসকলে এৰিব পৰা নাই।

অসম কলেজ শিক্ষক সন্থাৰ এজন সদস্য কয় যে যেতিয়াৰ পৰা ৰাজ্য চৰকাৰে ব্যক্তিগত টিউশ্যনৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷তেতিয়াৰ পৰা শিক্ষকসকলে ইয়াক বিভিন্ন প্ৰকাশ ইতিবাচক হিচাপে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে ।শিক্ষকসকলে কিছুমান দুৰ্বল ছাত্ৰ ছাত্ৰীৰ একাডমিক কেৰিয়াৰত উন্নতি আনিবলৈ টিউশ্যন কৰে। তেওঁলোক মন্তব্য যে এনেধৰণৰ ছাত্ৰ ছাত্ৰীক পৃথককৈ শিক্ষা দিয়াটো জৰুৰী ৷

কিছুমান শিক্ষকে আকৌ চৰকাৰৰ আইনৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ পৰা লিখিত প্ৰতিবেদন বিছাৰে । ব্যক্তিগত টিউশ্যনৰ বিৰুদ্ধে মন্তব্য কৰি অসম কলেজ শিক্ষক সন্থাৰ সদস্যজনে কয় যে শিক্ষা বিভাগ সম্প্ৰতি ব্যক্তিগত টিউশ্যনত প্ৰতিবন্ধকতা আৰোপ লগোৱাত বিফল হৈছে।

লগতে শিক্ষা বিভাগৰ লগত ব্যক্তিগত টিউশ্যন লোৱাসকলৰ সু সম্পৰ্ক আছে বুলিও অভিযোগ কৰে ।আনহাতে সকলো অগ্ৰণী মহাবিদ্যালয়ৰ শিক্ষকসকল সম্প্ৰতি ব্যক্তিগত টিউশ্যনত ব্যস্ত আছে বুলিও অভিযোগ কৰে সদস্যজনে ৷২০১৭ চনত উচ্চ শিক্ষা বিভাগৰ তৎকালীন মুখ্য সচিব অজয় তিৱাৰীয়ে দিয়া এখন স্মাৰক পত্ৰত উল্লেখ আছে যে দিনত যিকোনো টিউশ্যন চেন্টাৰত শিক্ষা দিয়া কলেজ শিক্ষকৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিব লাগে। কাৰণ এনে ধৰণে ব্যক্তিগত টিউশ্যনে শিক্ষকসকলক নিয়মিত চাকৰিত প্ৰভাৱ পেলাই ৷ আৰু ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাত প্ৰভাৱ পৰে। আৰু কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলেও নিয়মিত ভাৱে শ্ৰেণী কোঠাত অধ্যয়নৰ কাৰণে প্ৰবেশ নকৰে ৷

ইফালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদদে ৰাজ্যত চলি থকা জুনিয়ৰ মহাবিদ্যালয় সমূহৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ সিদ্ধান্ত লৈছে ৷পৰিষদে এখন কমিটী গঠন কৰিছে ।সোমবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঞিয়ে এখন সংবাদমেল সম্বোধন কৰি কয় যে এক বিশেষ তথ্য অনুসৰি ৰাজ্যত কিছু জুনিয়ৰ মহাবিদ্যালয় বিনা অনুমতি অবিহনে চলি আছে৷

গতিকে আমি এই বিষয়টোৰ তদন্তৰ কাৰণে এখন কমিটী গঠন কৰিছো৷ইফালে বিকল্প বিষয় হিচাপে ইংৰাজী ভাষাটো থাকিব নে নাথাকিব ৷ সেই বিষয়েও ইতিমধ্যে চিন্তা কৰি থকা হৈছে বুলি মন্তব্য কৰে দয়ানন্দ বৰগোহাঞিয়ে ৷কাৰণ সাধাৰণ ইংৰাজী সকলো ছাত্ৰৰ কাৰণে অনিবাৰ্য বিষয়৷ ইফালে কিছুমান ছাত্ৰই আধুনিক ভাৰতীয় ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষা লয় ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Kumarpara Murder Incident: Guwahati Police announces cash award of Rs 25,000

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com