গড়চুকত সংঘটিত ভূমিস্খলনৰ ঘটনাঃ ১ জন নিহত

গড়চুকত সংঘটিত ভূমিস্খলনৰ ঘটনাঃ ১ জন নিহত

ৰাজ্যত বানৰ তাণ্ডৱৰ সময়তে মহানগৰীৰ গড়চুকত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ ভূমিস্খলনত নাৰায়ণ চাহ নামৰ এজন লোক নিহত হয় ৷ ইফালে, নেৰা নেপেৰা বৰষুণৰ ফলত পুৱা ন বজাত পাহাৰৰ পৰা বৃহৎ বৃহৎ শিল খহি আহি নাৰায়ণ চাহৰ বাসগৃহত পৰে। ইয়াৰ পিছতে নাৰায়ণ চাহ পত্নী আৰু পুত্ৰ ৰক্ষা পৰে যদিও চাহ গুৰুতৰভাৱে আহত হয় ৷

স্থানীয় ৰাইজৰ তৎপৰতাৰ সংকট জনক অৱস্থাত নাৰায়ণ চাহক জি এম চি এইচ লৈ প্ৰেৰন কৰে যদিও মৃত বুলি ঘোষনা কৰে চিকিৎসকে ৷ মৃত নাৰায়ণ চাহে পত্নী আৰু পুত্ৰৰ সৈতে বাস কৰিছিল গড়চুকত ৷ সম্প্ৰতি গৰাখহনীয়া ঘটনাক লৈ আতংকিত সমগ্ৰ গড়চুক ৷ উল্লেখ্য যে ৰাজ্যৰ সম্প্ৰতি বান গৰাখহনীয়া আৰু ভূমিস্খলনে ভয়ানক ৰূপ ধাৰণ কৰিছে ৷

ধাৰাষাৰ বৰষুনৰ কাৰণে ৰাজ্যৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনদীসমূহত পানী বিপদ সীমাৰ ওপৰেৰে অতিক্ৰম কৰিছে ৷ বানাক্ৰান্তই ধন জন সৰ্বস্ব হেৰুৱাই ওখ ঠাই,শিবিৰত আশ্ৰয় লৈছে ৷ ইয়াৰ বিপৰীতে গুৱাহাটী মহানগৰীতে এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় ৷ পৌৰ নিগমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলে কৃত্ৰিম বানপানী আৰু গুৱাহাটী যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷

ইফালে প্ৰত্যেক বছৰত গৰাখহনীয়াই বিশাল পৰিমাণৰ লোকক গৃহহীন কৰে ৷ বিগত বছৰত মৰিগাঁও জিলাত খহনীয়াৰ বাবে ১৮,৪২৫ জন লোক ভূমিহীন হৈছে ৷ সেইদৰে খহনীয়াৰ কবলত পৰি মাজুলীৰ ১০,৫০০ জন লোক স্থানান্তৰিত হয় ।কামৰূপ জিলাত ৯,৩৩৭ জন লোক খহনীয়াৰ বাবে ভূমিহীন হৈছে ৷

চৰকাৰী তথ্য মতে বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলীও ব্যাপক গৰাখহনীয়াৰ সন্মুখীন হৈছে ৷মাজুলীৰ ৪০,৫০০ বিঘা ভূমি ব্ৰহ্মপুত্ৰত জাহ গৈছে। সেইদৰে বৰপেটাৰ ১,২০,৪৯৩ বিঘা,কামৰূপৰ ৯২,৭৩৪ বিঘা,ধুবুৰীৰ ৮৭,০৩৬ বিঘা আৰু ডিব্ৰুগড়ৰ ৫৬,১৮৬ বিঘা ভূমি গৰাখহনীত জাহ গৈছে ৷ উল্লেখ্য যে ৰাজ্যৰ ভূমি স্খলন আৰু গৰাখহনীয়াৰ এই তথ্য চাই চৰকাৰে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com