Begin typing your search above and press return to search.

মহানগৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ,গ্ৰাহকৰ মাজত হাহাকাৰ

মহানগৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ,গ্ৰাহকৰ মাজত হাহাকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Dec 2019 10:19 AM GMT

মহানগৰীত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ,গ্ৰাহকৰ মাজত হাহাকাৰ। মহানগৰীলৈ সাধাৰণ জীৱন যাত্ৰা ঘূৰি আহিছে।শনিবাৰে সান্ধ্য আইন শিথিল কৰা হয় পুৱা ৭ বজাৰ ৪বজা লৈ। শনিবাৰে দিনৰ ভাগত মহানগৰীৰ বিভিন্ন বজাৰ সমাৰ, দোকান পোহাৰ আৰু পেট্ৰল পাম্প খোলা দেখা যায়। তাৰোপৰি,মহানগৰীত চিটি বাছৰ চলাচল হোৱাৰ সমান্তৰালকৈ দেখা যায় জনসমাগম।সান্ধ্য আইন শিথিল কৰাৰ সময়তে মহানগৰীত সাধাৰণ লোকক বজাৰলৈ ওলাই অহা আৰু অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰা দেখা গল ।

তাৰ মাজতে বহু লোকক অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গল।অধিক মূল্য দি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰা দেখা গল সাধাৰণ লোকক।অন্যহাতে বিক্রেতা সকলে সামগ্ৰীসমূহৰ নাটনিৰ বাবে অত্যাধিক মূল্যত ক্ৰয় কৰাৰ বাবে অত্যাধিক মূল্যত সামগ্ৰী বেচিব লগা হৈছে বুলি কাৰণ দৰ্শাই। বিক্রেতা সকলে লগতে সম্ভাৱনা ব্যক্ত কৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ বাবে মূল্য আৰু অধিক বৃদ্ধি পাব পাৰে।অন্যহাতে গ্ৰাহক সকলৰ অভিযোগ প্ৰতিটো সামগীৰে মূল্য বৃদ্ধি পাইছে ,শাক পাচলিৰ পৰা মাছ মাংস সকলোৰে মূল্য বৃদ্ধি পাইছে।

অন্য খবৰৰ বাবে পঢ়ক : গুলীচালনাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কংগ্ৰেছৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill

Next Story
চাকৰি