Begin typing your search above and press return to search.

স্বৰ্ণকন্যা হিমা দাসৰ আন এক সাফল্য: পুনৰ সোনৰ পদক লাভ ধিং এক্স প্ৰেছৰ

স্বৰ্ণকন্যা হিমা দাসৰ আন এক সাফল্য: পুনৰ সোনৰ পদক লাভ ধিং এক্স প্ৰেছৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Aug 2019 8:35 AM GMT

স্বৰ্ণকন্যা তথা ধিং এক্স প্ৰেছ হিমা দাসৰ আন এক সাফল্য ৷ মহিলাৰ ৩০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিছে হিমা দাসে। এথলেটিকী মিটিংক ৰিটাৰত এই সাফল্য অৰ্জন কৰিছে স্বৰ্ণ কন্যা হিমা দাসে। ইফালে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল চেক গণৰাজ্যত ৷ উল্লেখ্য যে দুমাহত ষষ্ঠটো স্বৰ্ণ পদক অৰ্জন কৰিলে ধিং এক্স প্ৰেছ হিমা দাসে।

আনহাতে স্বৰ্ণ কন্যা হিমা দাসে আনহাতে অসমৰ যুৱ প্ৰজন্মৰ স্বৰ্ণ কন্যা হিমা দাস সচাঁ অৰ্থত নতুন প্ৰজন্মৰ কাৰণে প্ৰেৰনা দায়ক ৷ অসমৰ এখন সুদূৰ গাঁৱৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ হিমা দাসৰ এই যাত্ৰা সচাঁকৈয়ে প্ৰশংসনীয় ৷

তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ স্বৰ্ণপদক লাভ কৰা ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক টুইটাৰ যোগে অভিনন্দন জনালে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰাষ্ট্ৰপতিগৰাকীয়ে অসমীয়া ভাষাতে অভিনন্দন জ্ঞাপন কৰে হিমাক। টুইটাৰযোগে হিমা দাসে নিজৰ এই সফলতাৰ ধাৰা অব্যাহত ৰাখি ২০২০চনৰ অলিম্পিকত ভাৰতৰ বাবে বিজয়বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

চেক গণৰাজ্যত আন ৫ টা স্বৰ্ণপদক জয় কৰিলে অসম কন্যা হিমাই। পঞ্চমটো পদক ৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিলে শ্ৰেষ্ঠত্ব। ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি স্বৰ্ণপদক লাভ কৰিলে হিমাই। ইয়াৰ পূৰ্বে মাত্ৰ ১৫ দিনত হিমাই লাভ কৰিছিল চাৰিটাকৈ সোণৰ পদক। চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই। ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যাগৰাকীয়ে অর্জন কৰিছিল স্বৰ্ণপদক।

কিন্তু উল্লেখ্য বিষয় এয়ে যে হিমা দাসৰ কেৰিয়াৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২৩.১০ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ প্ৰদৰ্শন কৰা ৷ ইফালে,বিগত দেওবাৰে পোলেণ্ডত কুটনো এথলেটিক্স মীটত মহিলাৰ ২০০ মিটাৰ দৌৰত আন্তৰাষ্ট্ৰীয় ভাৱে দ্বিতীয়টো সোণৰ পদক অৰ্জণ কৰে। অন্যহাতে কেৰালাৰ ভি কে বিস্মায়াই ২৪.০৬ ছেকেণ্ডত ৰূপৰ পদক লাভ কৰে।

অধিক খবৰৰ বাবে পঢ়ক:পৰীক্ষাৰ কাৰণে লোৱা বিৰতিয়ে প্ৰভাৱ পেলালে ধিং এক্সপ্ৰেছ হিমা দাসৰ অনুশীলনত

ভিডিঅ প্ৰতক্ষ্য কৰক:CM inaugurates Assam’s first CNG station in Dibrugarh

Next Story
চাকৰি