Begin typing your search above and press return to search.

বিশ্ব এথলেটিক্ছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰত অংশ নলয় হিমা দাসে

বিশ্ব এথলেটিক্ছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰত অংশ নলয় হিমা দাসে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2019 9:00 AM GMT

অসম গৌৰৱ তথা ধিং এক্সপ্ৰেছ হিমা দাসে চলিত বৰ্ষৰ বিশ্ব এথলেটিক্ছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰত অংশ গ্ৰহণ নকৰে ৷ হিমা দাসে ৪×৪০০ মিটাৰতহে অংশ গ্ৰহণ কৰিব । ইফালে অসম সন্তান হিমা দাসে চলিত বৰ্ষত দুটা মাহৰ ভিতৰত ৬ টাকৈ স্বৰ্ণ জয়ী কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ হিমাই মহিলাৰ ৩০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিছিল ৷

এথলেটিকী মিটিংক ৰিটাৰত এই সাফল্য অৰ্জন কৰিছে হিমাই। এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল চেক গণৰাজ্যত ৷ আনহাতে চেক গণৰাজ্যতে পঞ্চমটো স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমা দাসে। পঞ্চমটো পদক ৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিছিল শ্ৰেষ্ঠত্ব। ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি স্বৰ্ণ পদক লাভ কৰিলে হিমাই ৷

ইয়াৰ পূৰ্বতে মাত্ৰ ১৫ দিনতে হিমাই লাভ কৰিছিল চাৰিটাকৈ সোণৰ পদক ৷ চেক গনৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেন্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই । ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যা গৰাকীয়ে অৰ্জন কৰিছিল স্বৰ্ণ পদক। উল্লেখ্য যে হিমা দাসৰ কেৰিয়াৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছিল ২৩.১০ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ প্ৰদৰ্শন কৰা ৷

আনহাতে হিমা দাসৰ এই সাফল্য আনন্দ প্ৰকাশ কৰিছে দেশ বাসীয়ে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে ৰাষ্ট্ৰপতি,ৰাজ্যপাল আৰু বলীউডৰ চেলীব্ৰেট্ৰীসকলেও হিমাক এই সাফল্যৰ কাৰণে জনাইছিল অলেখ শুভকামনা। অসমৰ সুদূৰ গাঁৱৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ হিমা দাসৰ এই যাত্ৰা সছাঁকৈয়ে প্ৰশংসনীয় ৷ সচাঁ অৰ্থত হিমা দাস আমাৰ নতুন প্ৰজন্মৰ কাৰণে প্ৰেৰণাদায়ক ৷ তথা অপ্ৰতিৰোধ্য হিমা দাস ৷

ইয়াৰ মাজতে বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী তথা ক্ৰিকেটাৰ বিৰাট কোহলীৰ পত্নী অনুস্কা শৰ্মাই হিমা দাসৰ সাফল্যক শুভেচ্ছা জ্ঞাপন কৰে ৷অনুস্কা শৰ্মাৰ শুভেচ্ছাত প্ৰতিক্ৰিয়া স্বৰ্ণ কন্যা হিমা দাসৰ ৷ বৰ্তমান অসমৰ আটাইতকৈ চৰ্চিত নামটো হৈছে স্বৰ্ণ কন্যা হিমা দাস ৷ ন’হবনো কিয়? ১৯ বছৰীয়া হিমা দাসে ১৯ দিনত পাঁচটাকৈ সোনৰ পদকেৰে দেশৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিছে৷ দৌৰ ৰাণী হিমা কেৱল যে খেলতে পাৰ্গত তেনে নহয় ৷ অসমৰ বানাক্ৰান্তলৈ সাহাৰ্য্য আগবঢ়াই হিমা দাসে মানবীয়তাৰ নিদৰ্শন আগবঢ়াইছে ৷

অন্য খবৰৰ বাবে পঢ়ক:পৰীক্ষাৰ কাৰণে লোৱা বিৰতিয়ে প্ৰভাৱ পেলালে ধিং এক্সপ্ৰেছ হিমা দাসৰ অনুশীলনত

ভিডিঅ প্ৰতক্ষ্য কৰক:36th ‘Abhiruchi Sports Day’ observed in Guwahati | The Sentinel News | Assam News

Next Story
চাকৰি