Begin typing your search above and press return to search.

গ'ল্ডেন গাৰ্ল হিমা দাসক দেখা যাব ছোনি টিভিৰ জনপ্ৰিয় শ্ব' কৌন বনেগা কৰোৰপতিত

গল্ডেন গাৰ্ল হিমা দাসক দেখা যাব ছোনি টিভিৰ জনপ্ৰিয় শ্ব কৌন বনেগা কৰোৰপতিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Oct 2019 5:54 AM GMT

গ'ল্ডেন গাৰ্ল হিমা দাসক দেখা যাব কৌন বনেগা কৰোৰপতিত । ছোনি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' কৌন বনেগা কৰোৰপতিত মেগাষ্টাৰ অভিতাভ বচ্চনৰ সৈতে শীঘ্ৰে দেখা যাব গ'ল্ডেন গাৰ্ল হিমা দাসক। এই বিশেষ খণ্ডটোৰ বাবে ইতিমধ্যেই শ্বুটিং সম্পূৰ্ণ কৰিছে ধিং এক্সপ্ৰেছ হিমা দাসে । হিমা দাসৰ সৈতে উক্ত খণ্ডতিত দেখা যাব ক্ৰিকেটাৰ বিৰেন্দ্ৰ ছেহৱাগ আৰু দৌৰবিদ দ্যুতি চান্দ ।

হিমা দাসে এক টুইট যোগে প্ৰকাশ কৰিছে এই কথা । হিমা দাসে টুইটাৰ যোগে প্ৰচাৰ কৰা এক প'ষ্টত কয় যে , " বলিউদৰ মহানায়ক বিগ বিৰ সৈতে একেখন মঞ্চত তেওঁৰ সন্মুখত বহি ছেহবাগ আৰু দ্যুতি চান্দৰ লগত কৌন বনেগা কৰোৰপতি খেলিবলৈ পোৱা মোৰ বাবে অতি ভাল লগা মুহুৰ্ত। এই শ্ব'ৰ জৰিয়তে বিগ বি ছাৰ আৰু বীৰু ছাৰৰ পৰা বহু নজনা কথা জানিব পাৰিলো লগতে বহু অভিজ্ঞতাও হ'ল " ।

অসুস্থ হৈ চিকিৎসাধীন হোৱা অমিতাভ বচ্চন ইতিমধ্যে হস্পাতালৰ পৰা উভতি আহিছে আৰু অতি সোনকালেই কৌন বনেগা কৰোৰপতিত মঞ্চত দেখা যাব । হস্পাতালৰ পৰা অহা পিছতেই হিমা দাসৰ সৈতে নতুন খণ্ডটিৰ বাবে শ্বুটিং কৰে ।

এই সম্পৰ্কে বিগ বি অমিতাভ বচ্চনেও তেওঁৰ ব্লগৰ যোগে কিছু বিৱৰণ দিয়ে ।‌ তেওঁ লিখে যে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগৰ লগতে ১০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰত খ্যাতি অৰ্জন কৰা দুই মহিলা দৌৰবিদ হিমা দাস আৰু দ্যুতি চান্দক অতি সোনকালেই কৌন বনেগা কৰোৰপতিত জনতাই দেখিবলৈ পাব ।

লগতে লিখে যে সোণৰ পদক অৰ্জন কৰা দুই কন্যাই গৌৰৱান্বিত কৰিছে ভাৰতবৰ্ষক । বিগ বিয়ে তেওঁৰ ব্লগত আৰু লিখে যে দৰিদ্ৰতাই তেওঁলোকক ৰখাব পৰা নাই । খেলে তেওলোকক সমগ্ৰ বিশ্বৰ পটভূমিলৈ আনিছে । লগতে কয় যে এথলিটৰ দুজন মহান তাৰকা হিমা দাস‌ আৰু দ্যুতি চান্দ ।

অমিতাভ বচ্চনে শ্ব'টোত গ্ৰহণ কৰা কিছু আলোকচিত্ৰ ছোচিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

অন্য খবৰৰ বাবে পঢ়ক: বাহুৱলী নামে খ্যাত প্ৰভাসৰ জন্মদিন , প্ৰভাসৰ কিছুমান নজনা কথা

ভিডিঅ প্ৰতক্ষ্য কৰক : Special Branch for Home Guards inaugurated in South Salmara-Mankachar

Next Story
চাকৰি