Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ কেক কটা প্ৰত্যাখ্যান কৰিলে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ কেক কটা প্ৰত্যাখ্যান কৰিলে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Sep 2019 12:43 PM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ কেক কটা প্ৰত্যাখ্যান কৰিলে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ১৭ চেপ্তেম্বৰ মঙ্গলবাৰে সমগ্ৰ দেশজুৰি পালন কৰা হৈছে দেশৰ প্ৰধান মন্ত্ৰী ৰ ৬৯তম জন্ম বাৰ্ষিকী ।মঙ্গলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯ তম জন্মদিন উপলক্ষ্যে কেক কটা কাৰ্য প্ৰত্যাখ্যান কৰে অসমৰ গড়কাপ্তানী বিভাগ, আৰু স্বাস্হ্য আৰু বিত্ত বিভাগ (finance Minister )ৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰী (Chief minister ) সৰ্বানন্দ সোণোৱালে ও বিৰোধ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি থকা কেকটো কটাত ।

বিজেপি ৰ কৰ্মকৰ্তা সকলে গোলাপ চন্দ্ৰ নাট্য মন্দিৰ ( gulab Chandra natya mandir ) লৈ ধেমালি স্ফূৰ্তি কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো থকা কেক আনিছিল । যি নহওক যেতিয়া বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেক কাটিব সাজু হয় তেতিয়া হঠাৎ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেক কাটিবলৈ অস্বীকাৰ কৰে । কাৰন কেকটোত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো আছিল ।

বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে , " আমি ভাবিছিলো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষ্যে আমি কেক কাটিম , কিন্তু কেক বনোৱা মানুহ জনে বহুত মৰেমেৰে কেকটোত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো দিছিল । আমি কেকটো খাটিব নোৱাৰো য'ত আমাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো ও কটা যাব " ।

বিত্ত মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ জন্মদিনত কেক কটায় কৈ "সেৱা " ( SeWa ) আগবঢ়োৱাৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ কথা কয় । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো বিজেপি কৰ্মকৰ্তা সকলক কৈছে যে, "যদি সচাকৈয়ে মোৰ জন্মদিন পালন কৰিব বিচৰা তেতিয়া হ'লে এই জন্মদিন পালন কৰা সমাজত সেৱা আগবঢ়োৱাৰ যোগেদি " ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ৰী পুৰীয়া ত ৰেলৱে উৰনীয়া সেতু ( railway over bridge ) ৰ আধাৰশিলা স্থাপন কৰে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই উৰনীয়া সেতু খন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষ্যে দিয়া উপহাৰ ।

অধিক খবৰৰ বাবে পঢ়ক: অন্ধবিশ্বাসৰ বিৰোধিতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ , বৈজ্ঞানিক পদ্ধতিক প্ৰাসাৰন

ভিডিঅ প্ৰতক্ষ্য কৰক:Vishwakarma Puja at Directorate of Printing and Stationery, Assam | The Sentinel Assam

Next Story
চাকৰি