বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ "ভিন্ন সময় অভিন্ন মত" উন্মোচন

বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ "ভিন্ন সময় অভিন্ন মত" উন্মোচন

দেওবাৰে দিছপুৰৰ গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰন্থ ভিন্ন সময় অভিন্ন মত উন্মোচন কৰা হয় ।অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰা,প্ৰসিদ্ধ লেখিকা অনুৰাধা শৰ্মা পুজাৰী,শিক্ষাবিদ ড° অমৰ জ্যোতি চৌধুৰী আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ অধ্যক্ষা ড° মালিনী এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ড° শৰ্মাৰ গ্ৰন্থখনক উন্মোচন কৰে ৷

ইফালে ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰন্থখনৰ সন্দৰ্ভত কয় যে সমাগত সময় মোৰ প্ৰথম গ্ৰন্থ আছিল ৷সেই সময়ত মোৰ ভাব ধাৰাক কিতাপৰ আকাৰেৰে প্ৰকাশ কৰাৰ ধাৰণা মোৰ মনত অহা নাছিল। সেই সময়ত ৰাজনীতিক ক্ষেত্ৰত থাকিলেও ৰাজনীতিৰ পৰা দূৰত আছিলো। এই সময়তে মই মোৰ ভাব ধাৰাক লিখিত ৰূপত প্ৰকাশ কৰিবলৈ সময় পালো। মই মোৰ পাঠকসকলৰ পৰা ইতিবাচক সহাঁৰি আৰু প্ৰেৰণা লাভ কৰিছো ।

ভিন্ন সময় অভিন্ন মত গ্ৰন্থখনত মই অসমীয়াৰ পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ কি কৰিব লাগে সেই বিষয়ে আলোচনা কৰিছো ৷মন্ত্ৰী ড° শৰ্মাই এই অনুষ্ঠানত অসমীয়া ভাষাৰ বিষয়ে মন্তব্য কৰে ৷ আৰু কয় যে অসমত কিছুমান লোকে বিগত পৰিচয়ৰ কাৰণে কন্দলত লিপ্ত হ’ব বিছাৰে। আমি আমাৰ অসমীয়া ভাষাটোক সুৰক্ষাৰ কাৰণে বেলেগৰ সন্মুখত আত্মসমৰ্পণ কৰাৰ আৱশ্যকতা নাই। আমি আমাৰ আদিবাসী সমাজৰ প্ৰতি উদাৰতা দেখুৱাব লাগে। আমি যেতিয়া উদাৰ হ’ব সকলো লোকেই অসমীয়া ভাষাটোকেই আদৰি ল’ব। ভৱিষ্যত এনে এক সময় আহিব যে সকলোৱে অসমীয়া ভাষাটোকে আদৰি ল’ব ৷

ভিডিঅ প্ৰতক্ষ্য কৰক : Assam Martial Arts shines at World Martial Arts Games 2019 in London

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com