Begin typing your search above and press return to search.

বিধানসভাত হিমন্ত বিশ্বৰ ফেচবুক লাইভ বিতৰ্ক: এআইইউডিএফৰ বিধায়কৰ অভিযোগ দাখিল

বিধানসভাত হিমন্ত বিশ্বৰ ফেচবুক লাইভ বিতৰ্ক: এআইইউডিএফৰ বিধায়কৰ অভিযোগ দাখিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Jan 2020 12:09 PM GMT

গুৱাহাটী: এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামে বিধানসভাৰ বিশেষ অধিবেশনৰ মাজতে বিধানসভাত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ ভাষণ ফেচবুকত লাইভ কৰাৰ বিৰুদ্ধে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ তৰিছে ।

উল্লেখযোগ্য যে ২০১৭ চনত বিধানসভাত নিজ ভাষণ ফেচবুক লাইভ কৰাৰ বাবে বিধানসভাৰ পৰা তিনি দিনৰ বাবে বৰ্খাস্ত কৰা হৈছিল এ আই ইউ ডি এফ ৰ বিধায়ক আমিনুল ইছলামক।যি ক্ষেত্ৰত কিছুদিন পিছত বিধায়কগৰাকীয়ে নিজ ভুলৰ বাবে লিখিতভাবে ক্ষমা বিচাৰে।

এ আই ইউ ডি এফৰ বিধায়ক গৰাকীয়ে সেই বিতৰ্কিত ফেচবুক লাইভৰ সময়ত অবৈধ বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ ওপৰত মন্তৱ্য আগবঢ়াইছিল অন্যহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত মন্তব্য আগবঢ়াইছিল।

বিধায়ক আমিনুল ইছলামে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ সম্পৰ্কত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ ওচৰত গোচৰ তৰিছে।

অন্য খবৰৰ বাবে পঢ়ক : বঙাইগাঁওত অসম গণ পৰিষদৰ বিশাল জনসভা , আছুৰ ক’লা পতাকা প্ৰদৰ্শন

ভিডিঅ প্ৰতক্ষ্য কৰক: Protesters, who walked all the way from Tinsukia-Guwahati to protest against CAA 2019, Detained!

Next Story
চাকৰি