কাই নগণ্য সংখ্যক লোককহে নাগৰিকত্ব প্ৰদান কৰিব : সৰ্বানন্দ সোণোৱাল

 কাই নগণ্য সংখ্যক লোককহে নাগৰিকত্ব প্ৰদান কৰিব : সৰ্বানন্দ সোণোৱাল

গুৱাহাটী: নাগৰিকত্ব সংশোধনী আইনে নগণ্য সংখ্যক লোককহে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব। অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভূমি,ভাষা,সংস্কৃতিৰ প্ৰতি কোনো ভাবুকি নানে।লগতে তেওঁ কয় অসমত সৰ্বকালৰ বাবে অসমীয়া ৰাজ্য ভাষা হৈ থাকিব। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত বিগত দহ দিন ধৰি ধাৰাবাহিক প্ৰতিবাদী আন্দোলনৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। তেওঁ লগতে কয় যে,যদিহে ৰাজ্যৰ নাগৰিক সকলৰ ভালৰ বাবে যদিহে মই কাম নকৰোঁ তেন্তে মই কিহৰ মুখ্যমন্ত্ৰী? মোৰ জাতিপ্ৰেমক সন্দেহ কৰিব নালাগে। মই সদায় জনতাৰ লগত আছোঁ। মই সদায় অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষা আৰু নিৰপত্তাৰ বাবে কাম কৰিছোঁ। যেতিয়ালৈকে মই ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ থাকিম মই এনে কোনো কাম নকৰোঁ বা আন কাকো কৰিব নিদিওঁ যি অসমীয়া জাতিক দুৰ্বল কৰিব।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে একাংশ লোকে অপ্ৰপ্ৰচাৰ চলাই সমাজত নিৰপত্তাহীনতাৰ সৃষ্টি কৰিছে সেই সকল অসমীয়া জাতিৰ শত্ৰু। তেওঁ লগতে কয় যে গৃহমন্ত্ৰী অমিত শ্বাহে উভয় সদনত অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী ৰূপ দি অসমীয়া ৰাইজক সাংবিধানিক ৰক্ষাকৱচ দিব বিচাৰিছে। ছয় নং দফা হল অসম চুক্তিৰ আত্মা। অসম চুক্তিৰ ছয় নং দফাই কাৰ্যকৰী ৰূপ পালেহে অসমীয়া জাতিয়ে স্থায়ী ভাবে সাংবিধানিক ৰক্ষাকৱচ লাভ কৰিব।

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে নাগৰিকত্ব সংশোধনী আইনে নতুনকৈ এজনো বিদেশী নানে,যি সকলে ধৰ্মীয় উৎপীড়ণৰ বলি হৈ ভাৰতলৈ আহিছিল আৰু ভাৰতত দশক দশক ধৰি বসবাস কৰি আছে সেইসকল লোককহে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হব। তেওঁলোকৰ সংখ্যা আজিৰ তাৰিখত নিচেই কম। কিন্তু একাংশ লোকে অপপ্ৰচাৰ কৰিছে যে অসমলৈ ডেৰ কোটি বিদেশী লোক আহিব । মই এজন খিলঞ্জীয়া হিচাপে কওঁ যে অসম সদায় অসমীয়াৰ। অসমৰ জাতি ,কলা সংস্কৃতি,ভূমি সদায় অসমীয়াৰ হৈ থাকিব। নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত ৰাজ্যবাসী ক্ষোভিত আৰু শংকিত হোৱাৰ সময়ত এই ৰাজ্য বাসীক উদ্দেশ্যি সংবাদমেলত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী আন্দোলন চলি থকাৰ মাজতে প্ৰতিবাদী জাতীয় সংগঠনসমূহক আলাপ আলোচনাৰ মাজেৰে সমস্যা সমাধানৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

ভিডিঅ প্ৰতক্ষ্য কৰক : AATASU staged protest against the Citizenship Amendment Act. 2019 in Golaghat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com