আজি ১৬ জুন: চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৬ জুন: চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৭৭৯ চনৰ আজিৰ দিনটোতে স্পেইনে ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰিছিল।

১৮১৫ চনৰ আজিৰ দিনটোতে নেপোলিয়নে নেডাৰলেণ্ডত লিগ্নীত হোৱা যুদ্ধত প্ৰসিয়াক পৰাজিত কৰে ৷

১৮৫৭ চনৰ আজিৰ দিনটোতে মোৰাৰ যুদ্ধ সমাপ্ত হয়।

১৮৫৮ চনৰ আজিৰ দিনটোতে প্ৰথম ভাৰতীয় স্বাধীনতা যুদ্ধৰ সময়ত মোৰাৰৰ যুদ্ধ কৰা হয় ৷

১৮৮১ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়া আৰু হংগৰীৰে চৰ্বিয়াৰ লগত সৈন্য সন্ধিত হস্তাক্ষৰ কৰে ৷

১৯০৩ চনত ফৰ্ট ম’টৰ কম্পনী মুকলি হয় ৷

১৯১১ চনৰ আজিৰ দিনটোতে আই বি এম কম্পনীৰ স্থাপনা নিউয়ৰ্কত হয়।

১৯২৩ চনৰ আজিৰ দিনটোতে চাইবেৰিয়াত য়াকুট বিদ্ৰোহ আৰু ৰুছী নাগৰিক যুদ্ধ সমাপ্ত হয় ৷

১৯৬৩ চনৰ আজিৰ দিনটোতে ২৬ বছৰীয়া লেফটেনেন্ট বলেটীনা তেৰশকোবাই মহাকাশৰ কাৰণে যাত্ৰা কৰা প্ৰথম মহিলা হিচাপে নিৰ্বাচিত হয় ৷

১৯৮৩ চনৰ আজিৰ দিনটোতে ছত্তীশগড়ৰ গুৰু ঘাচীদাস বিশ্ববিদ্যালয় স্থাপন হয় ৷

১৯৯৭ চনৰ আজিৰ দিনটোতে আলজেৰিয়াত হোৱা নৰহংসাৰত প্ৰায় ৫০ জন লোকৰ মৃত্যু হয়।

২০০৭ চনৰ আজিৰ দিনটোতে চুনীতা উইলিয়ামছ মহাকাশত আটাইতকৈ দীৰ্ঘ সময় ধৰি থকা মহিলা হিছাপে পৰিগণিত হয়।

২০০৮ চনৰ আজিৰ দিনটোতে কেলিফৰ্নিয়াত সমলিংগ বৈধতাৰ কাৰণে লাইচেন্স দিয়া ৷

২০১২ চনৰ আজিৰ দিনটোতে ইৰাকৰ ৰাজধানী বাগদাদত হোৱা বোমা বিস্ফোৰণত ৩২ জন লোকৰ মৃত্যু হয় ৷

২০১৩ চনত ইৰাকত হোৱা চিলচিলেবাৰ বোমা বিস্ফোৰণত ২০ জন লোকৰ মৃত্যু হয়।

২০০৭ চনৰ আজিৰ দিনটোতে ছলমান ৰুশদীক ইংলেণ্ডৰ ৰাণীৰ নাইট উপাধি লাভ কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

স্বাধীনতা সংগ্ৰামী,ৰাজনীতিজ্ঞ তথা উৰিষ্যা আৰু মধ্য প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল চি এম পুনাচাৰ জন্ম হয় ১৯১০ চনত ৷

১৯২০ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ পাৰ্শ্বগায়ক আৰু সংগীতকাৰ হেমন্ত কুমাৰৰ জন্ম হয় ৷

১৯৫০ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ অভিনেতা মিথুন চক্ৰৱৰ্তী জন্ম হয় ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯২৫ চনৰ আজিৰ জাতীয়তাবাদ নেতা চিত্তৰঞ্জন দাসৰ মৃত্যু হয় ৷

১৯৪৪ চনৰ আজিৰ দিনটোতে ৰসায়নবিদ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ মৃত্যু হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com