মহানুভৱতাঃ হোজাইৰ দেবু সাহাই এটকাত ভাত খুৱাইছে ট্ৰাক চালকক

মহানুভৱতাঃ হোজাইৰ দেবু সাহাই এটকাত ভাত খুৱাইছে ট্ৰাক চালকক

মহানুভৱতাঃ হোজাইৰ দেবু সাহাই এটকাত ভাত খুৱাইছে ট্ৰাক চালকক

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য দেশত ঘোষণা কৰা আৰু বাহাল ৰখা তলাবন্ধ বা লক-ডাউনে সকলোৰে প্ৰাত্যাহিক কাম-কাজত ব্যাঘাত জন্মাইছে। কিন্তু তাৰ মাজতো নিজৰ জীৱনলৈ ভ্ৰুক্ষেপ নকৰি অত্যাৱশ্যকীয় সেৱাৰে জড়িতসকলে সেৱা আগবঢ়াই আহিছে। অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ পৰিবহনো অব্যাহত আছে। দূৰ-দূৰণিৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ খাদ্য-সামগ্ৰীৰ পৰিবহন অব্যাহত ৰখা হৈছে। খাদ্য-সামগ্ৰীৰ পৰিবহন বুলি ক'লেই ৰেল-ট্ৰাকৰ কথা মনলৈ আহে। ৰেলকৰ্মীসকলৰ লেখীয়াকৈ বহু ট্ৰাক চালকেও এই দুৰ্যোগৰ সময়ত সেৱা আগবঢ়াই আছে। খাদ্য-সামগ্ৰীৰ সৈতে জড়িত ট্ৰাকচালকসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি মহানুভৱতাৰ বিৰল দৃষ্টান্ত দাঙি ধৰিছে হোজাইৰ এজন ব্যৱসায়ীয়ে। তেওঁৰ নাম দেবু সাহা । হোজাইৰ এখন ধাবাৰ গৰাকী সাহাই ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা ট্ৰাকচালকসকলক মাথোঁ এটকাত ভাত খুৱাইছে। তলাবন্ধ অন্ত পৰালৈকে অৰ্থাত অহা তিনি মে’লৈকে এনেদৰে ট্ৰাকচালকসকলক ভাত খুৱাব বুলি সাহাই জানিবলৈ দিছে। তেওঁ কয় যে তেওঁ এটকাত এসাঁজ নিৰামিষ ভাত ট্ৰাকচালক আৰু হেণ্ডিমেনক তলাবন্ধৰ এই সময়ছোৱাত যোগান ধৰি আহিছে। “ আগতে মই এসাঁজ নিৰামিষ ভাতত ৫০ টকা লৈছিলো। পৰিস্থিতি জটিল হৈ পৰাত ট্ৰাকচালকসকলক মই এটকাত ভাত খুৱাবলৈ লৈছো। অহা তিনি মে’লৈকে মই তেওঁলোকক এটকাত ভাত খুৱাম”। ইপিনে, ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য দেশজুৰি জাৰি কৰা তলাবন্ধৰ বৰ্ধিত ম্যাদ অহা তিনি মে’ত অন্ত পৰিব। কিন্তু তাৰ পাছতো তলাবন্ধ বাহাল ৰখাৰ পোষকতা কৰিছে উত্তৰ-পূবৰ অধিকাংশ ৰাজ্যই। ইয়াৰ কাৰণ হৈছে তলাবন্ধ প্ৰত্যাহাৰ কৰিলে ক’ৰ’না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাব ঘটাৰ আশংকা। সম্প্ৰতি অসমক বাদ দি উত্তৰ-পূবৰ অধিকাংশ ৰাজ্য এই মহামাৰীৰ কবলৰ পৰা মুক্ত হৈছে। কিন্তু ইয়াক লৈ এই ৰাজ্যসমূহৰ চৰকাৰ আশংকামুক্ত হ’ব পৰা নাই। ইয়াৰ আভাষ সোমবাৰে স্পষ্ট হৈ পৰে। কালি দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক ভিডিঅ কনফাৰেন্সত মিলিত হয়। এই কনফাৰেন্সৰ সময়ত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে অহা তিনি মে’ৰ পাছতো তলাবন্ধ বাহাল ৰখাৰ পোষকতা কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com