চিণ্ডিকেট ৰাজ বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ

চিণ্ডিকেট ৰাজ বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ

চিণ্ডিকেট ৰাজ বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ । দেশৰ গৃহ আৰু ৰাজনীতি‌ বিভাগে কয়লা , চুপাৰিৰ চিণ্ডিকেট বন্ধ কৰাবলৈ এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশৰ পাছতেই দিছপুৰে ৰাজ্যত সাধৰণ জনসাধৰণৰ মাজত আতংক সৃষ্টি কৰা চিণ্ডিকেট ৰাজ ৰোধ কৰিবলৈ এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে। অৱশ্যে ৰাজ্য চৰকাৰে চিণ্ডিকেট শব্দটোৰ ব্যবহাৰ কৰা নাই । ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিৱ কুমাৰ সঞ্জয় কৃষ্ণই এক নিৰ্দেশনা জাৰি কৰিছে।

গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰা দিয়া জাননী অনুসৰি সংশ্লিষ্ট বিভাগ সমূহক কয়লা, চুপাৰি , সুৰা , পশুধন আদি সামগ্ৰী সমূহৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰাৰ নিৰ্দেশ জাৰি কৰিছে। সংশ্লিষ্ট বিভাগে অবৈধ ব্যৱসায়ৰ ঘাটি গম পোৱা পিছত সেই তথ্য সম্পৰ্কে এক আনুষ্ঠানিক আৱেদন লিখি ২৪ ঘণ্টাৰ ভিতৰত জিলা উপায়ুক্তক প্ৰেৰণ কৰিব লাগিব ।

আদেশ অনুসৰি বিভিন্ন বিভাগক অবৈধ ব্যৱসায় ৰোধ কৰিবলৈ দায়িত্ব অৰ্পন কৰিছে । উদাহৰণ স্বৰূপে কয়লাৰ অবৈধ পৰিবহনৰ বাবে বিত্ত বিভাগে নিয়মিত ভাৱে চলা গাড়ী সমূহৰ জি এছ টি পেপাৰ , ই ৱে বিল আদি আছে নে নাই তাৰ পৰীক্ষা কৰিব । পৰিবহন বিভাগে কয়লা সৰবাৰহ কৰা অধিক ওজনৰ ট্ৰাক সমূহৰ বিৰুদ্ধে অনুসন্ধান চলাব ।‌

পৰিবেশ আৰু বন‌ বিভাগে শিল , বালি আদিৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অনুসন্ধান চলাব। আৱকাৰী বিভাগে সুৰাৰ অবৈধ ব্যৱসায় আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু আৰক্ষীয়ে পশুধন আৰু গৰুৰ অবৈধ ব্যৱসায়ৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব । গৃহ আৰু ৰাজনৈতিক বিভাগে দিয়া আদেশত কয় যে বিভাগ সমূহে অন্য উলংঘনীয় বিষয় সমূহৰ বাবে আৰু অৱশ্যক আইনী ব্যৱস্থাৰ বাবে প্ৰাসংগিক নিয়ম আৰু উচিত ব্যৱস্থা গ্ৰহন কৰিব । কিন্তু অভিযানৰ বাবে নিৰ্দেশ বিভাগৰ পৰা আহিব লাগিব ইয়াৰ ক্ষেত্ৰত আৰক্ষীয়ে কেৱল বিভাগক সহায় কৰি নিজৰ কৰ্তব্য পালন কৰিব । সম্বন্ধীয় বিভাগ সমূহে অভিযানৰ বাবে কাৰ্যযোজনা প্ৰস্তুত কৰিব।

ভিডিঅ প্ৰতক্ষ্য কৰক :CM Sonowal inaugurates National Livestock and Poultry Show 2019

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com