Begin typing your search above and press return to search.

অভিনেতা ঋত্বিক ৰোশনৰ ভগ্নী বলীউডলৈ যাত্ৰা: দিছে ব্যক্তিগত প্ৰশিক্ষণ

অভিনেতা ঋত্বিক ৰোশনৰ ভগ্নী বলীউডলৈ যাত্ৰা: দিছে ব্যক্তিগত প্ৰশিক্ষণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Nov 2019 12:30 PM GMT

বলীউডৰ অভিনেতা ঋত্বিক ৰোশনে নিজৰ প্ৰথম ছবি কহো না প্যাৰ হ্যেৰ দ্বাৰা প্ৰমাণ কৰি দেখুৱাইছিল যে অভিনেতা গৰাকীৰ অভিনয়ৰ দক্ষতা কিমান?নিজৰ প্ৰথমখন বলীউডৰ ছবিৰ দ্বাৰা প্ৰত্যেকজন অনুৰাগীৰ মনত সাঁচ বহুৱাই বলীউডৰ অভিনেতা ঋত্বিক ৰোশনে। সাম্প্ৰতিক সময়ত ঋত্বিক ৰোশন বলীউডৰ সকলোতকৈ শীৰ্ষত থকা ছুপাৰষ্টাৰসকলৰ ভিতৰত এজন হিচাপে পৰিগণিত হৈছে।

কিন্তু সম্প্ৰতি ঋত্বিকৰ পিছতে সম্পৰ্কীয় ভনীয়েক পাশমিনা ৰোশনেও বলীউডত প্ৰবেশ কৰি দৰ্শকক আপ্লুত কৰিবলৈ সাজু হৈছে । সংবাদ মাধ্যমৰ এক বিশেষ প্ৰতিবেদন অনুসৰি ঋত্বিক ৰোশনৰ খুড়াকৰ জীয়েক পাশমিনা ৰোশনে বলীউডত প্ৰবেশ কৰিব পাৰে ৷ গতিকে সম্প্ৰতি সকলো ফালৰ পৰা সাজু হৈছে পাশমিনা ৰোশ্যন ।

সম্প্ৰতি ঋত্বিক ৰোশনে পাশমনা প্ৰশিক্ষণ দি আছে ৷ কাৰণ ভনীয়েক পাশমিনাৰ লগত ভাল সম্বন্ধ ঋত্বিক ৰোশনৰ ৷সেয়েহে ব্যক্তিগত ভাৱে প্ৰশিক্ষণ দিছে পাশমিনাক। উল্লেখ্য যে ঋত্বিক ৰোশনৰ ছবি ৱাৰে সম্প্ৰতি মুক্তি লাভ কৰিছে ৷ এই ছবিখনত টাইগাৰ শ্ৰফৰ সৈতে অভিনয় কৰিছে ঋত্বিক ৰোশনে। ছবিখনে বক্স অফিচত ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

১৯৮০ চনত প্ৰথম বাৰৰ কাৰণে শিশু চৰিত্ৰৰে বলীউডত খোজ পেলাইছিল ঋত্বিক ৰোশনে ৷ইয়াৰ পিছত ২০০০ চনত “ক’হো না প্যাৰ হ্যে”নামৰ ছবিখনৰ জৰিয়তে নায়কৰ চৰিত্ৰৰে অভিনয় জগতত পদাৰ্পন কৰে৷এই ছবিখনে বি টাউনত যথেষ্ট সফলতা লাভ কৰিছিল ৷ ছবিখনৰ কাৰণে ঋত্বিক ৰোশনে ফিল্ম ফেয়াৰৰ ফালৰ পৰা সৰ্ব শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল কৰে ৷ ইয়াৰোপৰি ২০০৩ চনত “কোই মিল গয়া”,২০০৬ চনত “ক্ৰিছ”,২০০৬ চনত “ধুম ২”, আদিৰ দৰে ছবিৰ কাৰণে প্ৰসিদ্ধি লাভ কৰে মিষ্টাৰ ৰোশনে ৷৷ ইফালে,ঋত্বিক ৰোশনে আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ আৰু “যোধা আকবৰ”ছবিখনৰ কাৰণে ৰুছত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই ছবিখনত অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে অভিনয় কৰিছিল ঋত্বিক ৰোশনে ৷

২০০২ চনটো ঋত্বিক ৰোশনৰ ছবিসমূহৰ কাৰণে অসফলতা পূৰ্ন বছৰ ৷কাৰণ “মুছছে দোস্তী কৰোগে”, “না তুম জানে না হম”, “আপ মুঝে অচ্চে লগতে হো” এই তিনিখন ছবি বক্স অফিচত সফলত লাভ কৰিবলৈ সক্ষম ন’হল । ইয়াৰ পিছতে “ক’ই মিল গয়া”ছবিখনৰ জৰিয়তে ঋত্বিক ৰোশনে লাইমলাইটলৈ আহে ৷” অন্যহাতে অভিনেতা ঋত্বিক ৰোশনৰ দুটি সন্তানৰ সৈতে এখন সুখৰ সংসাৰ ৷ পত্নী সুজেইনক ঋত্বিক ৰোশনে দেখিছিল ট্ৰেফিক চিগনেলত ৷ ইয়াৰ পিছত দুয়ো বিবাহ পাশত আৱদ্ধ হয়৷ অন্যহাতে, প্ৰেমৰ ক্ষেত্ৰত ঋত্বিক ৰোশনৰ নাম কংগনা ৰানাউটৰ লগতে জৰিত হৈ পৰা বিষয়টোৱে এক বিতৰ্কৰ সৃষ্টি কৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক: স্বামী বিৰাট কোহলীৰ জন্ম দিন উদযাপন কৰিবলৈ ভূটানত অনুষ্কা শৰ্মা

ভিডিঅ প্ৰতক্ষ্য কৰক: Watch | Orang Raas Mohotsav Preparation

Next Story
চাকৰি