Begin typing your search above and press return to search.

 পৃথিৱীৰ এখন আজৱ হোটেল, যি খন অৱস্থিত দুখন দেশৰ মাজত

 পৃথিৱীৰ এখন আজৱ হোটেল, যি খন অৱস্থিত দুখন দেশৰ মাজত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Dec 2019 10:23 AM GMT

পৃথিৱীৰ এখন আজৱ হোটেল, যি খন অৱস্থিত দুখন দেশৰ মাজত । পৃথিৱী খন‌ বিভিন্ন ধৰণৰ আজৱ ঘটনাৰে আৱৰা । পৃথিৱীত বিভিন্ন ধৰণৰ আচৰিত, ধুনীয়া,‌ব্যতিক্ৰমী বস্তুও পোৱা যায়। এনেকুৱা বহু হোটেল আছে পৃথিৱীত যিবোৰ বহুত ধুনীয়া, লগতে বিলাসীও । কিন্তু আপুনি এনেকুৱা হোটেলৰ বিষয়ে শুনিছেনে য'ত মানুহে বিছনাত এবাগৰ লোৱা পিছত অন্য এখন দেশ পায় । হয় আমি আজি আপোনালোকক এনেকুৱা এখন হোটেলৰ বিষয়ে কম । এইখন হোটেলৰ বিচনাত এবাগৰ ললে আপুনি পাব অন্য এখন দেশ। এই হোটেল খনৰ নাম আৰ্বেজ হোটেল । এই হোটেল খনক আৰ্বেজ ফ্ৰাংকো সুইছে হোটেল নামেৰে জনাজাত। এই হোটেল খন ফ্ৰান্স আৰু চুইজাৰলেণ্ড সীমাত অৱস্থিত। এই হোটেল খন দুয়োখন দেশৰ মাজত অৱস্থিত যাৰ বাবে হোটেল খনৰ দুটাকৈ ঠিকনা আছে । এই হোটেল খনলৈ যোৱা লোক সকলো হোটেল খন দেখি আচৰিত হয় ।

হোটেল

এই হোটেল খনৰ বিশেষত্ব হ'ল যে ফ্ৰান্স আৰু চুইজাৰলেণ্ডৰ সীমা এই হোটেলৰ মাজেৰে অতিক্ৰম হয় । এই হোটেল খনৰ ভিতৰত যোৱাৰ পিছতে এখন দেশৰ পৰা লোক আন এখন দেশ যাব পাৰে। আৰ্বেজ হোটেলৰ বিভাজন দুয়োখন দেশৰ সীমাক গুৰুত্ব দি বনোৱা হৈছে। আপুনি গম পালে আচৰিত হ'ব যে যদিহে হোটেল খনৰ বাৰ ফ্ৰান্সত থাকে তেন্তে স্নানকক্ষ হয় চুইজাৰলেণ্ডত । হোটেল খনৰ প্ৰতিটো কোঠায়ে দুটা দুটা ভাগত বিভক্ত কৰা হৈছে। কোঠাত বিছনা এনেদৰে সজোৱা হৈছে যে বিছনাৰ একাংশ থাকে ফ্ৰান্সত একাংশ থাকে চুইজাৰলেণ্ডত ।

জানিব পৰা মতে ১৯২১ চনত আৰ্বেজ নামৰ ব্যক্তিয়ে এই ঠাই খিনি ক্ৰয় কৰিছিল আৰু হোটেল বনাইছিল। এতিয়া এই হোটেল খন ফ্ৰান্স আৰু চুইজাৰলেণ্ডৰ জনপ্ৰিয় হোটেল ।

অন্য খবৰৰ বাবে পঢ়ক: এটা ১০ হাজাৰ বছৰীয়া পুৰণি গুহা, য’ত এতিয়াও বাস কৰে মানুহে

ভিডিঅ প্ৰতক্ষ্য কৰক : Protesters wave black flag at BJP State President Ranjeet Dass in Chabua

Next Story
চাকৰি