Begin typing your search above and press return to search.

ধর্মজ্যোতি আঁচনিৰ সুবিধাসমূহ:আঁচনিৰ সুবিধাৰ কিছু উল্লেখ ..কি দৰে কৰিব আবেদন?

ধর্মজ্যোতি আঁচনিৰ সুবিধাসমূহ:আঁচনিৰ সুবিধাৰ কিছু উল্লেখ ..কি দৰে কৰিব আবেদন?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Nov 2019 9:40 AM GMT

ধর্মজ্যোতি আঁচনিৰ সুবিধাসমূহ:আঁচনিৰ সুবিধাৰ কিছু উল্লেখ ..কি দৰে কৰিব আবেদন? আপুনি যদিহে এজন বয়সস্থ লোক হয় আৰু যদিহে আপুনি কোনো সমূহ বা গোটত তীৰ্থস্থান ভ্ৰমণৰ বাবে যাব বিচাৰিছে তেন্তে ধর্মজ্যোতি আঁচনিৰ সুবিধা লব পাৰে ।অসমৰ তথ্য আৰু উন্নয়ন বিভাগৰ অধীনত আছে এই আঁচনি।এই ধর্মজ্যোতি আঁচনিৰ মূল লক্ষ্য হল যি সকল বয়সস্থ লোকে ধৰ্মীয় যাত্ৰাত যাব বিচাৰে তেওঁলোকক বিশেষ ৰেহাই প্ৰদান কৰা।আচনীখনৰ অন্তৰ্গত ৫০ শতাংশ যাতায়তৰ খৰছ বহন কৰিব অসমৰ ৰাজ্য চৰকাৰে।

অসমৰ ৰাজ্যিক পৰিবহণ বিভাগৰ দ্বাৰা ধর্মজ্যোতি আঁচনি খন অনা হৈছিল আৰু যাতায়ত আৰু উন্নয়ন বিভাগৰ দ্বাৰা অর্থ যোগান ধৰা হয়। ৬০বছৰ ওধৰ ২০ জনীয়া তীৰ্থযাত্ৰীৰ দলক এই সুবিধা দিয়া হয়।

কি দৰে আবেদন কৰিব?

আবেদনকাৰীসকলে যাবতীয় নথি পত্ৰ এ এছ টি চি কাৰ্য্যালয়ৰ পৰা যুগুত কৰিব পাৰিব। প্ৰ পত্ৰ পূৰণ কৰি গুৰুত্বপূৰ্ণ নথি পত্ৰ লগতে গাঁঠি দিব লাগিব।এই গুৰুত্বপূৰ্ণ নথি পত্ৰ সমূহৰ ভিতৰত আছে ভোটাৰ আই ডি,জন্ম প্ৰমাণ পত্ৰ,আধাৰ কাৰ্ড,পৰিচয় পত্ৰ দিব লাগিব।আবেদনকাৰীজনে ইয়াৰ স্থায়ী নাগৰিক হিচাপেও প্ৰমাণ পত্ৰ দিব লাগিব।এই প্ৰক্ৰিয়া সম্পূণ হোৱাৰ পিছত আবেদনকাৰীয়ে প্ৰ পত্ৰ সমূহ এ এছ টি চি কাৰ্যলয়ত জমা দিব লাগিব।

ধর্মজ্যোতি আঁচনিত আবেদন কৰিব বিচৰাসকলে কাষৰীয়া স্থানীয় এ এছ টি চি কাৰ্য্যালয়ত আবেদন কৰিব পাৰিব।

অন্য খবৰৰ বাবে পঢ়ক: এতিয়াৰে পৰা ড্ৰ’ন আৰু আন মানৱবিহীন বাহন উৰুৱাবলৈ অনুমতি অনিবাৰ্য

ভিডিঅ প্ৰতক্ষ্য কৰক: Eviction Drive at Railway Gandhi colony in Lumding by Railway Department

Next Story
চাকৰি