Begin typing your search above and press return to search.

প্ৰসংগ : জাগীৰোড আৰু পঞ্চগ্ৰামৰ কাজগকল পুনৰুজ্জীৱন: চিবিআইৰ তদন্তৰ দাবী

প্ৰসংগ : জাগীৰোড আৰু পঞ্চগ্ৰামৰ কাজগকল পুনৰুজ্জীৱন: চিবিআইৰ তদন্তৰ দাবী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Aug 2019 7:34 AM GMT

ৰাজ্যৰ জাগীৰোড আৰু পঞ্চগ্ৰাম কাগজকল পুনৰুজ্জীৱনৰ দাবী অসমৰ কংগ্ৰেছৰ সাংসদ ৰিপুণ বৰায়ে । ৰাজ্যসভাত বুধবাৰে এই দাবী জনাই ৰিপুণ বৰায়ে , লগতে এই দুটা কাগজ কলৰ বাবে কেন্দ্ৰয়ে মুকলি কৰি দিয়া কোটি কোটি টকাৰ হৰলুকী কৰাৰ সন্দৰ্ভত চি বি আইৰ তদন্তৰ দাবী উত্থাপন কৰিছে। শূণ্যকালিন ঘন্টাত এই দাবী উত্থাপন কৰি ৰিপুণ বৰায়ে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ অব্যবস্থাপনাৰ বাবে ২০১৪ চনৰ পৰা লোকচানৰ সন্মুখীন হৈ আহিছে ।

" জাগীৰোড আৰু পঞ্চগ্ৰাম কাগজকল হিন্দুস্তান কাগজ নিগমৰ অধিনত আছিল । এই কাগজ কল কেইটাত প্ৰায় ৮,০০০ স্থায়ী কৰ্মচাৰী আছিল আৰু প্ৰায় ২০,০০০ অস্থায়ী কৰ্মচাৰী আছিল । কিন্তু কাজগকল দুটা বন্ধ হৈ পৰাত ইয়াৰ স্থায়ী আৰু অস্থায়ী কৰ্মচাৰীৰ ভৱিষ্যতলৈ ভাবুকি কঢ়িয়াই আনিছে ।এই কৰ্মচাৰী সকলে পৰিয়াল পোহপাল দিয়া ল'ৰা ছোৱালীক শিক্ষা দানৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধা সন্মুখীন হৈছে বুলি প্ৰকাশ কৰে ৰিপুণ বৰায়ে ।

অসমৰ দুটা কাগজ কল শীঘ্ৰেই মুকলি কৰা হব। অসমৰ জাগীৰোড আৰু পঞ্চগ্ৰামৰ দুটা কাগজ কল পুনৰ কাৰ্যক্ষম কৰা হব । কাগজ কল দুটা বন্ধ হৈ পৰাত কৰ্মচাৰী সকলে দুৰ্বিসহ জীৱন কটাব লগা হৈছিল । কাগজ কল দুটা পুনৰুজ্জীৱন হ’লে সকাহ পাব কৰ্মচাৰী ।

জাগীৰোড কাগজ কলৰ কাম ২০১৫-১৬ চনৰ পৰা বন্ধ হৈ আছিল । আৰু ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে কাগজ কলটো । আনহাতে ২০১৫ চনৰ অক্টোবৰ মাহৰ পৰা পঞ্চগ্ৰাম কাগজ কল বন্ধ হৈ পৰে । দুবছৰতকৈও অধিক সময়ত দুটা কাগজ কলৰ কৰ্মচাৰী সকলে দৰমহা লাভ কৰা নাই ।

অসমৰ হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ কৰ্মচাৰীসকলে বিচাৰে যে চৰকাৰে বিকল হৈ থকা মিলসমূহক বন্ধ কৰক,অন্যথা পুনৰোজ্জীৱিত কৰক ।সম্প্ৰতি দুয়োটা মিলৰ কৰ্মচৰীসকলে চৰকাৰৰ বিৰোদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। আৰু এনে ধৰণৰ পৰিস্থিতিত যদি পেপাৰ মিলৰ কোনো কৰ্মচাৰীয়ে আত্মহত্যা কৰে অথবা মৃত্যক সাৱটি লয়, তেনে পৰিস্থিতত পৰিয়ালৰ সকলো ক্ষোভৰ সন্মুখীন হয় চৰকাৰ । ইফালে পেপাৰ মিলৰ কৰ্মচাৰীসকলে বিগত ২৭ মাহ ধৰি বেতন লাভ কৰা নাই ৷

ৰাজ্যসভাত বুধবাৰে এই দাবী জনাই ৰিপুণ বৰায়ে , লগতে এই দুটা কাগজ কলৰ বাবে কেন্দ্ৰয়ে মুকলি কৰি দিয়া কোটি কোটি টকাৰ হৰলুকী কৰাৰ সন্দৰ্ভত চি বি আইৰ তদন্তৰ দাবী উত্থাপন কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক : শীঘ্ৰেই মুকলি কৰা হব অসমৰ নগাঁও আৰু কাছাৰৰ কাগজ কল

Next Story
চাকৰি