যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মাচুকালৈ যোৱা AN-32 ভাৰতীয় বায়ু সেনা বিমান সন্ধানহীন

যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মাচুকালৈ যোৱা AN-32 ভাৰতীয় বায়ু সেনা বিমান সন্ধানহীন

ভাৰতীয় বায়ু সেনাৰ AN-32 এয়াৰক্ৰাফ্ট বিমান সন্ধানহীন হৈছে । বিমান খন ১২.২৫ বজাত যোৰহাটৰ পৰা মাচুকা এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডলৈ গৈছিল বিমানখন । প্ৰতিৰক্ষা বিভাগৰ সূত্ৰয়ে জনোৱা মতে ১ বজাত বিমান খনৰ লগত যোগাযোগ বিচ্ছিন্ন হৈছিল । তাৰ পাছত পৰা বিমান খনৰ লগত যোগাযোগ স্থাপন হোৱা নাই ।

বিমান খনত ৮ জন বিমান খনৰ সদস্য আৰু ৫ গৰাকী যাত্ৰী সহ মুঠ ১৩ গৰাকী যাত্ৰী আছিল বিমান খনত । বিমান খনৰ সন্ধানত ভাৰতীয় বিমান বাহিনীয়ে চুখয়-30 কম্বট এয়াৰক্ৰাফ্ট আৰু c-130 ৰ জৰিয়তে বিশেষ অভিযান আৰম্ভ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com