ক’ৰ’না মহামাৰীঃ চীনৰ দুখন ফাৰ্মৰ কিট ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ আই চি এম আৰৰ

ক’ৰ’না মহামাৰীঃ চীনৰ দুখন ফাৰ্মৰ কিট ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ আই চি এম আৰৰ

ক’ৰ’না মহামাৰীঃ চীনৰ দুখন ফাৰ্মৰ কিট ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ আই চি এম আৰৰ

ক’ৰ’না মহামাৰীক লৈ ব্যৱসায়ত নমা চীনৰ দুখন প্ৰতিষ্ঠানৰ চিকিত্সা তথা পৰীক্ষণ সঁজুলি(কিট)ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদ(আই চি এম আৰ)-এ। চীনৰ এই প্ৰতিষ্ঠান দুখনে নিম্ন মানৰ কিট তৈয়াৰ কৰি ভাৰতসহ একাংশ দেশক যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে। ক’ৰ’না মহামাৰীয়ে চৌদিশে হাহাকাৰৰ সৃষ্টি কৰাৰ সময়তে এই নিৰ্দেশ জাৰি কৰিছে আই চি এম আৰে।প্ৰাপ্ত তথ্য অনুসৰি দেশৰ একাংশ ৰাজ্যই চীনৰ গুৱাংজু ইনফো বায়োটেক আৰু জুহাই লিভজন ডায়গ্নোষ্টিকছৰ পৰা ক’ৰ’না ৰোগৰ পৰীক্ষণৰ বাবে ৰেপিড এণ্টিবডী টেষ্ট কিটছ ক্ৰয় কৰি আনিছে। কিন্তু বহুসংখ্যক ৰাজ্যই অভিযোগ উত্থাপন কৰিবলৈ লৈছে যে এই কিটসমূহৰ কাম-কাজ সন্দেহজনক। ইয়াৰ পৰিপ্ৰেক্ষিতত আই চি এম আৰে চীনৰ এই দুখন প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰা কিট ব্যৱহাৰ নকৰিবলৈ বিভিন্ন ৰাজ্যলৈ নিৰ্দেশ জাৰি কৰিছে। এক বিবৃতিত এই কথা সদৰী কৰি আই চি এম আৰে ক্ৰয়, “ আমি এই কিটসমূহ পৰীক্ষা কৰিলো। প্ৰতিটো কিটেই সুকীয়া ফলাফল দেখুৱায়। গতিকে এই ফাৰ্ম দুখনৰ কিট ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছো”। ইপিনে, দেশত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২৯,৪৩৫জনলৈ বৃদ্ধি পাইছে। একেদৰে মৃতকৰ সংখ্যা ৯৩৪জনলৈ বৃদ্ধি পাইছে।

অসমতো মঙলবাৰে এগৰাকী ক’ৰ’না মহামাৰীত আক্ৰান্ত চিনাক্ত হয়। এগৰাকী ১৬ বছৰীয়া কিশোৰী আক্ৰান্ত হ’ল ক’ৰ’না মহামাৰীত। এই কিশোৰীগৰাকী হৈছে বঙাইগাঁৱৰ শালমাৰাৰ।টুইটাৰত এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিশোৰীগৰাকীৰ সৈতে দিল্লীৰ নিজামুদ্দিন দৰগাহৰ যোৱা মাহৰ জামাতত অংশ লোৱা এজন ব্যক্তিৰ পৰোক্ষ সম্পৰ্ক আছিল। এই কিশোৰীগৰাকী ক’ৰ’না পজিটিভ চিনাক্ত হোৱাৰ লগে লগে অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি পালে। সম্প্ৰতি ইয়াৰে আনজন চিকিত্সালয়ত চিকিত্সাধীন হৈ আছে বুলি মন্ত্ৰী শৰ্মাই সদৰী কৰে। আন ২৭ জনক চিকিত্সালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।অসমত কৰনা আক্ৰান্ত অধিকাংশৰে নিজামুদ্দিন দৰগাহৰ জামাতৰ সৈতে সম্পৰ্ক আছে।আনহাতে ৬, ১৮৫জন সুস্থ হৈছে ৷ ইপিনে, দেশৰ কৱিড-১৯ অ-প্ৰভাৱিত স্থানসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে অ-অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান-পোহাৰ মুকলিৰ অনুমতি প্ৰদান কৰা হৈছে ৷ সেই অনুসৰি শনিবাৰৰ পৰা কেতবোৰ অঞ্চলত দোকান-পোহাৰ খোলা হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com