Begin typing your search above and press return to search.

"আমি যদি চন্দ্ৰলৈ যাব পাৰো তেতিয়া নিশ্চিত ভাৱে বানপানীৰ ক্ষেত্ৰত ব্যবস্থা গ্ৰহণ কৰিব পাৰিম": আদিল হুছেইন

আমি যদি চন্দ্ৰলৈ যাব পাৰো তেতিয়া নিশ্চিত ভাৱে বানপানীৰ ক্ষেত্ৰত ব্যবস্থা গ্ৰহণ কৰিব পাৰিম: আদিল হুছেইন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2019 1:29 PM GMT

এফালে ভাৰতীয় মহাকাশ গৱেষণা সংস্থায়ে ঐতিহাসিক ক্ষনৰ সাক্ষী হৈ চন্দ্ৰযান-২ উৎক্ষেপন কৰিছে আনফালে অসমত প্ৰত্যেক বছৰে বানৰ কবলত অসমবাসীয়ে দুৰ্বিসহ জীৱন যাপন কৰিব লগা হৈছে । এই ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰিছে অভিনেতা আদিল হুছেইনে । যোৱা ৫ দশক জুৰি প্ৰত্যেক বছৰে অসমে বানত হাহাকাৰ কৰিব লগা হৈছে ।

আদিল হুছেইনে ছছিয়েল মেডিয়াত প্ৰকাশ কৰে যে, " যদি আমি চন্দ্ৰলৈ যাব পাৰো, তেনে নিশ্চিত ভাৱে অসমৰ বানপানীৰ কাৰনে ব্যবস্থা গ্ৰহণ কৰিব পাৰিম " ।

সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৭ জনলৈ বৃদ্ধি পাইছে ৷ ইয়াৰোপৰি ভূমিস্খলনত মৃত্যু হৈছে দুজন ৷ সোমবাৰে ধেমাজী আৰু ধুবুৰীত এজনকৈ ব্যক্তি মৃত্যু হৈছে ৷ ইয়াৰ মাজতে সম্প্ৰতি ৰাজ্যৰ অধিকাংশ অঞ্চলত পানীৰ নাটনি দেখা দিছে ৷যাৰ কাৰণে বানাক্ৰান্তসকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ দেখা গৈছে ৷

ৰাজ্যৰ বিধ্বংসী বানত লোকসকলৰ ধন জন সকলো ক্ষতিগ্ৰস্ত হৈছে৷ ইফালে এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ ভিতৰত আছে যোৰহাটৰ নিমাতীঘাট,ব্ৰহ্মপুত্ৰৰ লগত জিয়া ভৰালী ৷ আনহাতে সোমবাৰলৈকে বিশেষকৈ ১৮ খন জিলাৰ ৫৯ ৰাজহ চক্ৰৰ ২২৮৩ খন গাঁৱৰ ৩০,৫৫,৮৩৭ জন ব্যক্তি বানত প্ৰভাৱিত হৈছে ৷ বানত প্ৰভাৱিত জিলা কেইখন হৈছে ধেমাজী,বিশ্বনাথ,দৰং, বৰপেটা,নলবাৰী, চিৰাংগ,বঙাইগাঁৱ, কোকৰাঝাৰ,ধুবুৰী, দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ (মেট্ট),মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট আৰু কাছাৰ ৷

সম্প্ৰতি ধেমাজী,বিশ্বনাথ,দৰং, বৰপেটা, চিৰাং,বঙাইগাঁও, কোকৰাঝাৰ,ধুবুৰী, গোৱালপাৰা, কামৰূপ,মৰিগাঁও,নগাঁও, গোলাঘাট আৰু যোৰহাট জিলাত ৬৪৪ টা শিবিৰত ৯৬,৪৪৯০ জন বানাক্ৰান্তই আশ্ৰয় লৈ আছে ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এক সংবাদ বিজ্ঞপ্তিত কোৱা হৈছে যে প্ৰায় ১,১৪,১৭৯ হেক্টৰ কৃষি ভূমি বানত প্ৰভাৱিত হৈছে ৷ আৰু জিলা প্ৰশাসনে স্থাপন কৰা ৭৫৭ টা শিবিৰত ৯৭০০০ লোক আশ্ৰয় লৈ আছে ।

অসম সন্তান বলীউডৰ তাৰকায়ে আদিল হুছেইনে বানপিৰিত সকলক সহায় কৰিবলৈ আহ্বান জনাই। তেনে সময়তে বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান বলীউড তাৰকা জন আব্ৰাহম, প্ৰিয়ংকা চোপ্ৰা, হিমা দাসে টুইটাৰযোগে সহায় কৰিবলৈ আহ্বান জনাইছে| অসমৰ জনপ্ৰিয় অভিনেতা যতিন বৰায়ে বানাক্ৰান্তৰ সাহাৰ্য্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ লাখ টকা অনুদান আগবঢ়াইছে । ৰিয়ান পৰাগে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ লাখ টকা সাহাৰ্য্য আগবঢ়াইছে । বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: যতিন বৰা, ৰিয়ান পৰাগ, ৰিমা দাস আৰু বহুজনৰ বানাক্ৰান্তলৈ সাহাৰ্য্য

Next Story
চাকৰি