Begin typing your search above and press return to search.

অসম বিধানসভাৰ সমালোচনাক গুৰুত্ব নিদিবলৈ প্ৰতিক হাজেলাক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

অসম বিধানসভাৰ সমালোচনাক গুৰুত্ব নিদিবলৈ প্ৰতিক হাজেলাক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Aug 2019 6:43 AM GMT

সৰ্বোচ্চ ন্যায়ালয়ে বৃহস্পতি বাৰে এন আৰ চি প্ৰক্ৰিয়াৰ বিৰুদ্ধে কোনে কি সমালোচনা কৰে অথবা বিধানসভাৰ মজিয়াত কোনে কি ক'লে সেই সমূহৰ ওপৰত গুৰুত্ব নিদিবলৈ কোৱাৰ লগতে ৩১ আগষ্টত প্ৰকাশ পাব লগীয়া চুৰান্ত খচৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিছে ।

বিধানসভাৰ মজিয়াত এন আৰ চিৰ সম্পৰ্কত হোৱা সমালোচনাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে ।সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নৰিমানৰ খণ্ড বিচাৰপীঠখনে বৃহস্পতি বাৰে নাগৰিকপঞ্জীৰ শুনানি গ্রহণ কৰি কয় যে অসম বিধানসভাৰ বিৰোধী দলপতিয়ে নাগৰিকপঞ্জীক লৈ ৰাজ্যত দেখা দিয়া সমস্যা আৰু অসম বিধানসভাত হোৱা আলোচনাৰ কথা উল্লেখ কৰি প্রেৰণ কৰা এখন পত্র লাভ কৰিছো বুলিও প্ৰকাশ কৰে। শাসক দল বিজেপি মন্ত্ৰী আৰু বিধায়ক সকলে প্ৰতিক হাজেলাৰ কাৰ্যকলাপক সমালোচনা কৰিছিল ।

ৰাজ্যৰ কেইবাটাও সংগঠনে নাগৰিকপঞ্জীৰ শুনানিক লৈ বহুসংখ্যক লোকক হাৰাশাস্তি কৰা বুলি আদালতক অৱগত কৰিছিল৷ ইয়াৰ সন্দর্ভত আদালতে নাগৰিকপঞ্জীৰ সমন্বয়ক প্রতীক হাজেলাৰ পৰা সবিশেষ তথ্য বিচাৰে ।প্ৰতিক হাজেলাই সৰ্বোচ্চ ন্যায়ালয়ক অবগত কৰে যে প্রায় ৩৩ হাজাৰ লোকৰ তথ্য-পাতিৰ কিছু খেলিমেলি পোৱা গৈছিল৷ সেয়েহে এই লোকসকলৰ শুনানিৰ বাবে মাতি পঠিওৱা হৈছিল৷ আনকি এটা বিশেষ অঞ্চল ছমৰীয়াৰ কিছু লোকক আন জিলালৈ শুনানিৰ বাবে মতাৰ কথাও আদালতত জানিবলৈ দিয়ে সমন্বয়ক প্ৰতিক হাজেলাই ।

শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ দলপতি দেবব্ৰত শইকীয়ায়ে সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰকাশ কৰে যে, ” ২০১৮ চনৰ ১৯ চেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰিছিল যে, এপেক্স কোৰ্টৰ অনুমতিৰ অবিহনে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পৰ্কীয় কোনো তথ্যয়ে যাতে প্ৰকাশ নকৰে। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিছতো ৰাজ্য চৰকাৰে কেনেকৈ বিধানসভাৰ মজিয়াত এন আৰ চিৰ সম্পৰ্কীয় তথ্য ফাদিল কৰে । এই সম্পৰ্কে আমি উচ্চতম ন্যায়ালয়ক লিখিত ভাবে জনাম । "

সৰ্বোচ্চ ন্যায়ালয়ে এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশ পাব ৩১ আগষ্টত । পুনৰীক্ষণৰ বাবে অধিক সময় সীমা বিচাৰিছিল। সেয়েহে ৩১ জুলাইৰ পৰিবৰ্তে ৩১ আগষ্টত প্ৰকাশ কৰিবলৈ সময় সীমা বৃদ্ধি কৰে । আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য শুনানিত উপস্থিত আছিল । তেওঁ প্ৰকাশ কৰে যে, অসম চুক্তিৰ মতে, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা লোকক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত বিৰোধীতা কৰি যাব বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী: উচ্চতম ন্যায়ালয়ৰ ৰায়ক অমান্য কৰাৰ অভিযোগ কংগ্ৰেছৰ

Next Story
চাকৰি