অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত : সমুজ্জ্বল ভট্টাচাৰ্য

অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত : সমুজ্জ্বল ভট্টাচাৰ্য

অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত: সমুজ্জ্বল ভট্টাচাৰ্য । গুৱাহাটী উজানবজাৰ অৱস্থিত ছহিদ ন্যাস ভৱনত অনুষ্ঠিত এক সংবাদ মেলত সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন তথ্যৰ সাদৰি কৰে । সদৌ অসম ছাত্ৰ সন্থাই দাবী জনায় যে অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে। ৰাজ্যৰ ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা ৰুদ্ধ হোৱাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়কে দোষী সাব্যস্ত কৰে । আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই উল্লেখ কৰে যে সংসদত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন ২০১৯ গৃহীত হোৱাৰ সময়তে অসমৰ জিলা সমূহত বেংগল ইষ্টাৰ্ণ ফ্লণ্টিয়াৰ ৰেগুলেচন আওতাৰ পৰা আঁতৰাই দিয়া হ'ল ।অসমত ইংৰাজৰ দিনৰ পৰাই ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছিল । ইয়াৰ সন্দৰ্ভত গঠন হোৱা আইন খনৰ নাম হ'ল বেংগল ইষ্টাৰ্ণ ফ্লণ্টিয়াৰ ৰেগুলেচন এক্ট ১৮৭৩। তেওঁ কয় যে বেংগল ইষ্টাৰ্ণ ফ্লণ্টিয়াৰ ৰেগুলেচন আইন ১৮৭৩ অনুসৰি অভিভক্ত কামৰূপ,দৰং, নগাঁও, শিৱসাগৰ, লখিমপুৰ,কাছাৰ জিলাত ইনাৰ লাইন পাৰ্মিটৰ পূৰ্ণ অধিকাৰ দিয়া হৈছে । ইয়াৰ আধাৰত আইন খনৰ পৰিসৰ বৃদ্ধিৰে সমগ্ৰ অসমক সামৰি আনাৰ লাইন পাৰ্মিটৰ দাবী জনাই আহিছে ছাত্ৰ সন্থাই। এই আইনৰ অধীনতে মণিপুৰে ইনাৰ লাইন পাৰ্মিট পালে কিন্তু অসমৰ জিলা সমূহৰ পৰা বেংগল ইষ্টাৰ্ণ ফ্লণ্টিয়াৰ ৰেগুলেচন আওতায় পৰা আঁতৰাই দিয়া হ'ল ।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অসমত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন জাপি দিলে কিন্তু ইনাৰ লাইন পাৰ্মিট কাঢ়ি লৈ গ'ল । তাৰ পিছতো মৌন হৈ আছে ৰাজ্য চৰকাৰ ।

সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে সন্থাটোৱে বৰ্তমানো ৰাজ্যত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰাৰ দাবী কৰি আহিছে। কেন্দ্ৰ চৰকাৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব পাৰিলেহেতেন। যদি মণিপুৰে ইনাৰ লাইন পাৰ্মিট লাভ কৰিব পাৰে অসমে কিয় নোৱাৰে? সদৌ অসম ছাত্ৰ সন্থা আৰু নেছ'ই সমগ্ৰ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰি আহিছে। কিন্তু এয়া অতি দুখজনক যে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা নহ'ল । ইনাৰ লাইন পাৰ্মিটৰ পৰা অসমৰ জিলা সমূহৰ নাম কাঢ়ি নিয়া হ'ল । ৰাজ্য চৰকাৰ দিল্লীৰ আজ্ঞাবাহী বুলি কয় সমুজ্জ্বল ভট্টাচাৰ্যই।

ভিডিঅ প্ৰতক্ষ্য কৰক : Media interaction held at AGP party office in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com