প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিলে সন্মুখীন হ'ব লাগিব তীব্ৰ প্ৰতিবাদৰ: আছু

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিলে সন্মুখীন হ'ব লাগিব তীব্ৰ প্ৰতিবাদৰ: আছু

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিলে সন্মুখীন হ'ব লাগিব তীব্ৰ প্ৰতিবাদৰ: আছু। ৰবিবাৰে সদৌ অসম ছাত্ৰ সন্থাই এক সংবাদমেল সংম্বোধন কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই কয় যে ২০২০ চনৰ ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব লগীয়া 'খেলো ইণ্ডিয়া' ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিলে সন্মুখীন হ'ব লাগিব তীব্ৰ প্ৰতিবাদৰ । সদৌ অসম ছাত্ৰ সন্থাই অহা ৫ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব লগীয়া টি-টুৱেন্টি ক্ৰিকেটৰ ওপৰতো চকু ৰাখিব । তদুপৰি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিন্দু বাংলাদেশীৰ সংখ্যাৰ ওপৰত তেওঁলোকৰ উৎস সমূহ প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনাই।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আগতেই স্বীকাৰ কৰিছে যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ প্ৰণয়ন হ'লে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত প্ৰভাৱ পৰিব । ইয়াৰ পৰিপ্ৰেক্ষিত ভাৰত চৰকাৰে অতি শীঘ্ৰেই নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰিব লাগে ।

নাগৰিকত্ব সংশোধনী আইনৰ ফলত হিন্দু বাংলাদেশী যি সকলে নাগৰিকত্ব লাভ কৰিব পাৰে, সেই হিন্দু বাংলাদেশীৰ সংখ্যাৰ ওপৰত আছুৰ নেতৃত্বই কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে অতি কম সংখ্যক হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰিব । আনহাতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা ৫ লাখ হিন্দু বাংলাদেশীৰ সংখ্যা বা তথ্য নিশ্চয় ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা লাভ কৰিছে । এফালে চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অগ্ৰাহ্য কৰিছে কিন্তু ত্ৰুটিপূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সহায়ক জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে ।চৰকাৰ এই তথ্যৰ উৎস প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনাই আছুৰ নেতৃত্বই।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা শান্তিপূৰ্ণ প্ৰতিবাদত আৰক্ষীৰ গুলীচালনা সন্দৰ্ভত ৰাজ্য চৰকাৰক দোষী সাব্যস্ত কৰি আছুৰ নেতৃত্বই কয় যে চৰকাৰে নিৰ্দোষী ব্যক্তিক হত্যা কৰাৰ পিছত শান্তিৰ কথা কোৱাৰ নৈতিক অধিকাৰ হেৰাই পেলাইছে । পদযাত্ৰাৰ মাধ্যমত শান্তি স্থাপন নহয়, শান্তি তেতিয়াহে সম্ভৱ যেতিয়া নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল হব ।

সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ জনগোষ্ঠীয় সংগঠনৰ পৰৱৰ্তী আন্দোলন ঘোষনা কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে প্ৰতিবাদ আৰু সমদল কাৰ্যসূচী অব্যাহত থাকিব । ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী তাৰিখে কা- বিৰোধী সংকল্প ঘৰে ঘৰে সংকল্প কাৰ্যসূচী ৰূপায়ন কৰা হ'ব। ৩১ ডিচেম্বৰৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদক সমৰ্থন জনোৱা বুলি কয় দিপাংক কুমাৰ নাথে।

তদুপৰি বিভিন্ন দিনত বিভিন্ন কাৰ্যসূচীৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব ।

লগতে সন্থাটোৱে ১৩ আৰু ১৪ জানুৱাৰীত উৰুকা আৰু মেজিৰ জুইত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অসমৰ জনসাধাৰণক আহ্বান জনায়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com