নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কে উত্তৰ পূবত স্বদেশী লোকসকলৰ সাংস্কৃতিকৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি উল্লেখ কৰে। সোমবাৰে হোৱা নেডাৰ চতুৰ্থ অধিবেশনত মেঘালয়,নাগালেণ্ড আৰু মিজোৰাম মুখ্যমন্ত্ৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত আশংকা কৰাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে ।উত্তৰ পূবক বিশেষাধিকাৰ প্ৰদান কৰা ৩৭১ অনুচ্ছেদ বাতিল কৰা নহয় আৰু নাগৰিকত্ব বিধেয়কে ৩৭১ ৰ ওপৰত প্ৰভাৱ নেপেলাই ৷

লগতে উত্তৰ পূবৰ লোকসকলৰ সামাজিক, সাংস্কৃতিক পৰিচয় সুৰক্ষিত থাকিব বুলিও নেডাৰ সন্মিলনত মন্তব্য কৰে অমিত শ্বাহে৷ ইফালে ২০১৪ চনৰ ৩১ ডিচেম্বৰক নাগৰিকত্ব সংশোধনী বিধেয়কৰ কাৰণে ভিত্তি বৰ্ষ হিছাপে লোৱা হৈছে। শেহতীয়াকৈ প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অবৈধ লোকসকলৰ নাম সন্দৰ্ভত অমিত শ্বাহে কয় যে সমগ্ৰ দেশৰ লগতে অসমত বিদেশীসকলক চিনাক্ত কৰা কেন্দ্ৰৰ প্ৰধান কৰ্তব্য ৷

নেডাৰ সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আৰু প্ৰশ্ন কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পিছত কি হ’ব? বাংলাদেশৰ লোকসকলৰ পুনৰ আহিব নেকি? এই সকলোবোৰ বিষয়েৰে আশংকা কৰা হৈছে উত্তৰ পূবত। চাংমাই কেন্দ্ৰৰ সকলো লোকক এই বিষয়ত চৰ্চা কৰিবলৈ কয় ।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই নেডাৰ সন্মিলনত কয় যে কেন্দ্ৰই গৃহীত কৰিবলৈ যোৱা নাগৰিকত্ব সংশোধনী বিধেয়কে উত্তৰ পূবৰ জনসংখ্যাৰ ওপৰত প্ৰভাৱ পেলাৱ। গতিকে আমি আশা প্ৰকাশ কৰিছো যে অমিত শ্বাহ আৰু কেন্দ্ৰীয় চৰকাৰে আমাৰ মত বিবেচনা কৰিব । মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাও অমিত শ্বাহক অনুৰোধ জনাই যে উত্তৰ পূবক নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা আঁতৰত ৰাখক ৷

যদি বিধেয়কখনক বাস্তৱায়িত কৰিব বিচাৰে তেন্তে উত্তৰ পূবক ইয়াৰ পৰা দূৰত ৰাখক। মই আপোনাক অনুৰোধ জনাওঁ যে ইয়াক আঁতৰত ৰাখক ৷কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়ক সংবেদনশীল বিষয়। ইয়াৰ মাজতে নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সংবাদ মেলত কয় যে অমিত শ্বাহে উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলক আশ্বাস দিয়ে যে নাগৰিকত্ব সংশোধনী বিধেয়কে কোনো প্ৰভাৱ নেপেলায় উত্তৰপূবত ।

ইফালে দেওবাৰে প্ৰশাসনিক সেৱা মহাবিদ্যালয়ত হোৱা বৈঠকত ভাগ ল’বলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এনআৰচি সন্দৰ্ভীয় এখন স্মাৰক পত্ৰ জ্ঞাপন কৰে বিজেপিৰ উচ্চ স্তৰীয়া কমিটীখনে ৷কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই ক্ষেত্ৰত উল্লেখ যোগ্য ভূমিকা ল’ব বুলি আশ্বাস প্ৰদান কৰে ।আৰু সকলো বিদেশীৰ নাম এনআৰচিৰ পৰা বহিস্কৃত কৰা হ’ব বুলি উল্লেখ কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Chandrayaan 2 Mission : Meet Nidhi Sharma (Scientist at ISRO) from Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com