Begin typing your search above and press return to search.

আগিয়া থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আগিয়া থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Nov 2019 10:44 AM GMT

আগিয়া থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বুধবাৰে গোৱালপাৰা জিলাৰ আগিয়া থানাৰ নৱ নিৰ্মিত দুমহলীয়া ভৱন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই নৱ নিৰ্মিত ভৱনটো মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সভাত বক্তব্য প্ৰদান কৰি কয় যে মৈত্ৰী মানে হ'ল বন্ধুত্ব আৰু আন্তৰিকতা পূৰ্ণ সম্পৰ্ক । ৰাজ্য চৰকাৰৰ অন্তৰ্গত মৈত্ৰী আঁচনিৰ জৰিয়তে চৰকাৰে আৰক্ষী আৰু জনসাধৰণৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ পৰিকল্পনা কৰিছে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্য চৰকাৰে সমগ্ৰ অসমত ৩৪৪ টা নতুন আৰক্ষী ভৱন নিৰ্মাণৰ ব্যৱস্থা হাতত লৈছে । য'ত প্ৰথম পৰ্যায়ত নিৰ্মাণ হ'ব ৭৩ টা আৰক্ষী ভৱন । আৰক্ষী ভৱন সমূহত সকলো ধৰণৰ আধুনিক সা সুবিধাৰে নিৰ্মাণ কৰা হ'ব । যাতে আৰক্ষী সকলে অতি উৎসাহেৰে কাম কৰিব পাৰে আৰু জনসাধাৰণ আৰু আৰক্ষীৰ মাজত এটি ভাল সম্পৰ্ক বৰ্তি থাকে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজত আইন কানুন বজাই ৰাখিবলৈ আৰক্ষীৰ ভূমিকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি স্মাৰ্ট পুলিছ আৰু স্মাৰ্ট পুলিছ ষ্টেচনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

লগতে আধুনিক সা সুবিধাৰে নিৰ্মাণ কৰা আৰক্ষী থানা সমূহত ৰাইজৰ সকলো সমস্যা অৱগত কৰিবলৈ ৰাইজক আহ্বান জনায় ।

লগতে কয় যে ৰাজ্য চৰকাৰে মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধ মূলক কাম কাজ সমূহ ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে।

তদুপৰি তেওঁ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে গঠিত ফাষ্ট ট্ৰেক আদালতৰ বিষয়েও উল্লেখ কৰে। এই আদালতৰ অধীনত ইতিমধ্যে ১৩ জন চোৰাং চিকাৰীক দোষী সাব্যস্ত কৰা হৈছে বুলি তেওঁ কয়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সবকা সাথ সবকা বিকাশ আঁচনিৰো‌ উল্লেখ কৰি কয় যে সবকা সাথ সবকা বিকাশ নীতিয়ে ৰাইজক উপকৃত কৰাৰ লগতে সম মৰ্যদা প্ৰদান কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: Congress party and Rahul Gandhi must apologize to the country: Assam BJP

Next Story
চাকৰি