পাকিস্তানৰ প্ৰধান মন্ত্ৰী হ'ল ট্ৰ'ল, কলে গছে ৰাতি অক্সিজেন প্ৰদান কৰে

পাকিস্তানৰ প্ৰধান মন্ত্ৰী হ'ল ট্ৰ'ল, কলে গছে ৰাতি অক্সিজেন প্ৰদান কৰে

পাকিস্তানৰ প্ৰধান মন্ত্ৰী হ'ল ট্ৰ'ল, কলে গছে ৰাতি অক্সিজেন প্ৰদান কৰে। ছ'চিয়েল মিডিয়া এনে এক মাধ্যম য'ত প্ৰচাৰ হওতে বেছি সময় নালাগে । । বহু সময়তে কিছুমান সৰু ডাঙৰ কথাত ট্ৰ'লৰ সন্মুখীন হয় বিভিন্ন নেতা অভিনেতা অভিনেত্ৰী। এইবাৰ ট্ৰ'লৰ সন্মুখীন হ'ল পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান। পাকিস্তানৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে এখন ভাষনত কৰা মন্তব্যৰ পিছতেই ছ'চিয়েল মিডিয়াত ট্ৰ'ল হয় ।

ইমৰাণ খানে এখন সভাত ভাষন প্ৰদান কৰি কৈছিল যে , " গছে ৰাতি আমাক অক্সিজেন প্ৰদান কৰে "। ইমৰাণ খানৰ এই মন্তব্যই বিজ্ঞানৰ তত্বক ভুল কৰি দিলে যাৰ ফলত প্ৰধান মন্ত্ৰী গৰাকী হ'ল ট্ৰ'ল।

https://twitter.com/anis_farooqui/status/1199888935545163776

পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান অৰ্থনৈতিক ভাৱে পিছপৰা শ্ৰেণীৰ লৰা ছোৱালীক জলপানী প্ৰদান সংক্ৰান্তীয় এখন সভাত উপস্থিত আছিল ।এই সভাত ইমৰাণ খানে গছ ৰোপনৰ মহত্বৰ ওপৰত ভাষন প্ৰদান কৰিছিল আৰু তেতিয়াই প্ৰধান মন্ত্ৰী গৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰে ।

এই কথাটোৰ বাবেই ছ'চিয়েল মিডিয়াত বিভিন্ন জনে বিভিন্ন মন্তব্য প্ৰকাশ কৰিছে । ইমৰাণ খানৰ এই ভাষ্য ছ'চিয়েল মিডিয়াত বহুলভাৱে ভাইৰেল হৈ পৰিছে ।

উল্লেখযোগ্য যে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ স্নাতক । সকলেও তেওঁৰ ডিগ্ৰীৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে বহুতে কয় যে ইমাৰান খানৰ বৈজ্ঞানিক জ্ঞান বৃদ্ধি কৰাৰ প্ৰয়োজন আছে । অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক লাভ কৰা এজন ব্যক্তিৰ কেনেদৰে ইমান ভুল হ'ব পাৰে । তদুপৰি আন বহুতেই আকৌ ইমৰাণ খানৰ ন'বেল বঁটাৰ দাবী কৰি আছে ।

আন বহুতেই কৈছে যে ইমৰাণ খানৰ সাধৰণ জ্ঞান ইমানেই দুৰ্বল যি অতি লজ্জাজনক।যি নহওক, ছ'চিয়েল মিডিয়াত কোনোবা নহয় কোনোবা ট্ৰ'ল হৈয়ে থাকে । সেয়া লাগিলে অভিনেতা অভিনেত্ৰীয়ে হওক বা পাকিস্তানৰ প্ৰধান মন্ত্ৰী।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com