Begin typing your search above and press return to search.

কিছুদিন পূৰ্বে মুক্তি লাভ কৰা অক্ষয় কুমাৰৰ ছবি হাউচফুল ৪ ৰ ছাউণ্ড টেকনিচিয়ানৰ মৃত্যু

কিছুদিন পূৰ্বে মুক্তি লাভ কৰা অক্ষয় কুমাৰৰ ছবি হাউচফুল ৪ ৰ ছাউণ্ড টেকনিচিয়ানৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2019 10:15 AM GMT

কিছুদিন পূৰ্বে মুক্তি লাভ কৰা অক্ষয় কুমাৰৰ ছবি হাউচফুল ৪ ৰ ছাউণ্ড টেকনিচিয়ানৰ মৃত্যু ।‌ কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল অক্ষয় কুমাৰৰ কমেডি ছবি হাউচফুল ৪। এই সময়তে হাইচফুল ৪ ৰ চাউণ্ড টেকনিচিয়ান নিমিষ পিলংকৰৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ নিমিষৰ বয়স আছিল ২৯ বছৰ ।

জানিব পৰা মতে নিমিষৰ মৃত্যু ব্ৰেইন হেমৰেজৰ কাৰণে হৈছে । সংবাদ মাধ্যমৰ তথ্য অনুসৰি নিমিষে বহু দিনৰ পৰাই দিন ৰাতি একাকাৰ কৰি ৱেব ছিৰিজৰ কাম কৰি আছিল । যাৰ ফলত তেওঁৰ উচ্চ ৰক্তচাপ বৃদ্ধি পাইছিল আৰু ব্ৰেইন হেমৰেজ হৈ মৃত্যু হৈছিল।‌

নিমিষৰ মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতেই অক্ষয় কুমাৰে টুইট যোগে নিমিষক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেওঁ লিখে যে ," এয়া অতি দুখজনক যে নিমিষ পিলংকৰ আৰু নাই আৰু এয়া অতি কম সময় । মোৰ হৃদয় এই কঠিন পৰিস্থিতিত তেওঁলোকৰ পৰিয়ালৰ লগত আছে "।

https://twitter.com/akshaykumar/status/1198914434237730817

নিমিষে তেওঁৰ কৰ্মজীৱন বহু কেইখন ডাঙৰ ছবি বা প্ৰজেক্টৰ কামত কৰে । বলিউডত তেওঁৰ প্ৰথম কাম কৰিছিল ছলমান খানৰ ৰেচ ৩ ।

তদুপৰি নিমিষতে সিদ্ধাৰ্থ মালহোত্ৰা আৰু টাৰা চুটাৰিয়াৰ ছবি মাৰজাৱা , সোণম কাপুৰল এক লড়কি কো দেখা তো এচা লগা , ৰেখা চক্ৰৱৰ্তীৰ জলেবী আদিত কাম কৰিছিল । অক্ষয় কুমাৰৰ ছবি হাউছফুল ৪ ৰ‌ লগতে তেওঁ কেশৰীতো ছাউণ্ড টেকনিচিয়ানৰ কাম কৰিছিল।

নিমিষৰ মৃত্যুৰ পিছত বহুতেই টুইটাৰত যোগে নিজৰ মন্তব্য প্ৰকাশ কৰে । কয় যে ছাউণ্ড টেকনিচিয়ান হিচাপে তেওঁলোকে বহু ঘন্টা কাম কৰিব লাগে । টুইটাৰ যোগে বিভিন্ন যোগে বিভিন্ন জনে নিমিষৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: সাপতকৈও বিষাক্ত এডাল গছ, যাৰ গোন্ধো বিষাক্ত,‌কি নাম এই গছ ডালৰ ?

ভিডিঅ প্ৰতক্ষ্য কৰক : Police arrest 7 dacoits involved in Nagaon Reliance Petrol Pump robbery incident

Next Story
চাকৰি