সাপতকৈও বিষাক্ত এডাল গছ, যাৰ গোন্ধো বিষাক্ত,‌কি নাম এই গছ ডালৰ ?

সাপতকৈও বিষাক্ত এডাল গছ, যাৰ গোন্ধো বিষাক্ত,‌কি নাম এই গছ ডালৰ ?

সাপতকৈও বিষাক্ত এডাল গছ, যাৰ গোন্ধো বিষাক্ত,‌কি নাম এই গছ ডালৰ ? পৃথিৱী খন বিভিন্ন গছ গছনিৰে ভৰি আছে । বহু লোকে ঘৰৰ ওচৰে পাজৰে বিভিন্ন গছ গছনি ৰোপন কৰা দেখা যায়। কিয়নো ‌এষাৰ কথাই আছে " গছ থাকিলেহে মানুহ‌ থাকিব " । গছ গছনি আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ।‌ দৈনন্দিন জীৱনৰ প্ৰতিটো সময়তে গছ উপকাৰী অতি গুৰুত্বপূৰ্ণ । গছ গছনিৰ ফলতেই মানুহৰ অস্তিত্ব বৰ্তি আছে ।

কিন্তু এনেকুৱা কিছুমান গছ আছে যাৰ ফলত মানুহৰ মৃত্যুও হ'ব পাৰে । জানিব পৰা মতে লণ্ডনত এযোপা এনেকুৱা গছ আছে যি অতি বিষাক্ত । গছ জোপাক সেই ঠাইৰ স্থানীয় ভাষাত হোগবীজ অথবা কিলাৰ ট্ৰী বুলি কোৱা হয় । এই গছ জোপাৰ বৈজ্ঞানিক নাম হেৰকিলম মেন্টাগেজিএনম । এই গছ জোপা ব্ৰিটেইনৰ লংকাশায়ৰ নদীৰ ওচৰত পোৱা যায়। এই বিষাক্ত গছ জোপা প্ৰায় ১৪ ফুকন দীঘল। যদি কাৰোবাৰ এই গছ জোপাত হাত লাগে তেন্তে হাত খন ফোপোলা হৈ যাব পাৰে । বৈজ্ঞানিকে কোৱা অনুসৰি এই গছ জোপা স্পৰ্শ কৰাৰ ৪৮ ঘন্টা পিছত গছ জোপাৰ বিষক্ৰিয়া আৰম্ভ হয় । এই গছ জোপা দেখাত যিমানে আকৰ্ষণীয় সিমানেই বিপদজনক।

বৈজ্ঞানিক সকলে কোৱা অনুসৰি এই গছ জোপা সাপতকৈ বেছি বিষাক্ত । এই গছ জোপা স্পৰ্শ কৰাৰ কিছু সময় পিছতেই অনুভৱ হোৱা আৰম্ভ হয় যে দেহৰ কিবা অংশ পুৰি আছে । তদুপৰি এই গছ জোপা স্পৰ্শ কৰাৰ ফলত মানুহ অন্ধ ও হ'ব পাৰে ।

জানিব পৰা মতে এতিয়ালৈকে এই গছ জোপাৰ পৰা হোৱা ক্ষতিকাৰক অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কোনো ধৰণৰ ঔষধ উলিয়াব পৰা নাই ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Car lifting gang busted in Lumding, One Arrested

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com