Begin typing your search above and press return to search.

২০১৮ -১৯ বৰ্ষত ৰাজ্যিক ব্যয়ৰ পৰিমাণ হৈছে ৭০,৬৫৮ কোটি

২০১৮ -১৯ বৰ্ষত ৰাজ্যিক ব্যয়ৰ পৰিমাণ হৈছে ৭০,৬৫৮ কোটি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2019 8:02 AM GMT

২০১৯ চনৰ ৩১ মাৰ্চলৈকে ২০১৮-১৯ বিত্তীয় বৰ্ষত ৯ টা বিভাগে অনুমোদিত ধনৰ ৫০ শতাংশতকৈও কম ব্যবহাৰ কৰিছে । আনহাতে , ৬ টা বিভাগে প্ৰায় ৮০ শতাংশ ব্যবহাৰ কৰিছে । সোমবাৰে অসম বিধানসভাত বিত্ত বিভাগে এই তথ্য দাখিল কৰে।

৬ বিভাগে ৮০ শতাংশ ব্যবহাৰ কৰিছে । ২০১৮-১৯ চনৰ বিত্তীয় বৰ্ষত পেঞ্চন আৰু ৰাজহুৱা অভিযোগ (১০২%) পাহাৰীয়া অঞ্চল (৯৬%) , নিৰ্বাচনত (৯৪%) , প্ৰাথমিক শিক্ষা ( ৮০%) , মাধ্যমিক শিক্ষা (৮২%) , যাতায়াত (৮০%) ত ব্যয় কৰিছে । আনহাতে , বাজেটতকৈ কম পুঁজি ব্যবহাৰ কৰা ৯ টা বিভাগ গুৱাহাটী উন্নয়ন (২০%) , চহৰ উন্নয়ন (৩০%) , জলসিঞ্চন (৩০%) , শক্তি (৩১%), পঞ্চায়ত আৰু গ্ৰাম্যাঞ্চল উন্নয়ন (৩৩%) , সংখ্যালঘু উন্নয়ন কল্যাণ (৩৫%) , শিক্ষা-প্ৰযুক্তিবিদ্যা (৪২%), কৃষি (৪৪%), আৰু ৰূপান্তৰ আৰু উন্নয়নত (৪৬%) ব্যবহাৰ কৰা হৈছে ।

বিগত বিত্তীয় বৰ্ষত বিভাগৰ সমূহৰ বাবে ১,০৮,৪৯০ কোটি আবন্টন দিয়া হৈছিল য'ত ব্যয় হৈছিল ৭০,৬৫৮ কোটি , ৬৫ % ব্যবহাৰ কৰা হৈছে । স্বাধীনতা পিছত যিটো ৰাজ্যৰ সৰ্বোচ্চ ব্যয় বুলি প্ৰকাশ কৰে বিত্তী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। সোমবাৰে বিধানসভাৰ মজিয়াত এই কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে প্ৰকাশ কৰে যে, বিভাগ সমূহৰ বাবে আবন্টিত ব্যয়ৰ কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছিল ৪২,৪৬২ কোটি আৰু ৰাজ্য চৰকাৰে নিজে ২৮,০০০ কোটি দিবলৈ প্ৰকাশ কৰিছিল ।প্ৰতিবেদনৰ তথ্য অনুসৰি এই বিত্তীয় বৰ্ষটোত মুঠ ৯৯,৪৫৩.০৮ কোটি টকাৰ অনুদানৰ বিপৰিতে খৰচৰ পৰিমাণ মাত্ৰ ৬৮,৫৮৬.৯৯ কোটি টকা অৰ্থাৎ বিত্তীয় বৰ্ষটোত ৩০,৮৬৬.০৯ কোটি টকা খৰচ নোহোৱাকৈ থাকে । হিমন্ত বিশ্ব শৰ্মায়ে বিধানসভাত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ আয় আৰু ব্যয়ৰ খতিয়ান দাখিল কৰাৰ সময়ত কেগৰ প্ৰসংগটিও উত্থাপন কৰে । তেওঁ কয় যে, ২০০১-০২ চনৰ পৰা ২০১৬-১৭ চনলৈকে অসমে ৯,৩৭০ খন পুঁজি ব্যবহাৰৰ প্ৰমাণ পত্ৰ দাখিল কৰিব নাই । এই বিষয়টো বিভাগে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু ইয়াৰ ফলত ২০১৭-১৮ বৰ্ষত অনাদায় প্ৰমাণপত্ৰৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে । ২০০১-০২ চনৰ পৰা ২০১৬-১৭ চনলৈকে অনাদায় হৈ থকা ৯,৩৭০ খন ব্যবহাৰৰ প্ৰমাণ পত্ৰৰ ভিতৰত ৮২৩ খনহে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ । বাকী সমূহ আগৰ চৰকাৰৰ কাৰ্যকালৰ বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

অধিক খবৰৰ বাবে পঢ়ক: অসম চৰকাৰে উত্থাপন কৰিলে সত্ৰ বেদখল মুক্ত কৰা বিধেয়ক

Next Story
চাকৰি